অসম

assam

পুৰণা বিজেপিক গুৰুত্ব দিব নোৱাৰে হিমন্ত বিশ্বই: ৰাণা গোস্বামী

By

Published : Apr 24, 2023, 9:34 PM IST

ETV Bharat / videos

Rana Goswami slams CM: পুৰণা বিজেপিক গুৰুত্ব দিব নোৱাৰে হিমন্ত বিশ্বই; ৰাণা গোস্বামী

শিৱসাগৰ, ২৪ এপ্ৰিল: শিৱসাগৰ জিলাৰ কংগ্ৰেছ দলৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখনৰ আনুষ্ঠানিক ঘোষণা কৰা হয় । শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ঘোষণা কৰে নতুন কাৰ্যনিৰ্বাহক সমিতিখন । তেওঁ নতুন সমিতিখনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা সৰকা কৰে (Rana Goswami slams Himanta Biswa Sarmah)।  

তেওঁ কয় যে, ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰটোহে বিজেপি, ভিতৰতো আজিও কংগ্ৰেছী হৈয়ে আছে । কংগ্ৰেছে লালন-পালন কৰাৰ বাবেই আজিও হিমন্ত বিশ্ব শৰ্মাৰ শৰীৰ কংগ্ৰেছৰে । সেয়ে কংগ্ৰেছৰ পৰা লগত যোৱা কেইজনৰ বাহিৰে পুৰণা বিজেপিক গুৰুত্ব দিব নোৱাৰে হিমন্ত বিশ্বই (Rana Goswami slams CM) । লগতে অংকিতা দত্তৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত তেওঁ বিজেপি দলৰ মজিয়াৰ পৰা অহা অভিযোগৰ উপমা দি কয় যে, বিজেপি নেত্ৰীয়ে নিজৰ স্বামী থকাৰ পিচতো আন পুৰুষৰ লগত সহবাস কৰে বুলিও BJP নেতাই মন্তব্য কৰিছিল (Rana Goswami react on Angkita Dutta controversy) ।

লগতে তেওঁ উল্লেখ কৰে যে, বিজেপি আই টি চেলত যুৱতী সুৰক্ষিত নহয় বুলি বিজেপিৰে জ্যষ্ঠ বিধায়কেই উত্থাপন কৰা অভিযোগৰ কথা উল্লেখ কৰে । বিজেপিত হিমন্তক যি যোগদান কৰাইছিল তেওঁলোকেই এতিয়া এলাগী কৰিলে বুলিও উল্লেখ কৰে ৰাণা গোস্বামীয়ে । 

লগতে পঢ়ক:Angkita Dutta updates: কোন দিশে অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ; ৰাজ্যত চলিছে সৰৱ চৰ্চা

For All Latest Updates

ABOUT THE AUTHOR

...view details