Congress slams BJP: ৰমাকান্ত দেউৰীক আদৰি ল'বলৈ সাজু কংগ্ৰেছ; ৰাণা গোস্বামী
Published : Aug 26, 2023, 10:19 PM IST
মৰাণ,২৬ আগষ্ট:বিধায়ক ৰমাকান্ত দেউৰীৰ অসন্তুষ্টিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে । জনজাতীয় লোকসকলক শাসক দল বিজেপিয়ে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ তুলিছিল বিধায়ক ৰমাকান্ত দেউৰীয়ে । আনকি প্ৰয়োজন হ'লে কংগ্ৰেছত যোগদান কৰাৰ কথাও মুকলিকৈ ঘোষণা কৰিছিল বিধায়কগৰাকীয়ে । ইয়াৰ পাছতে চৰাইদেউ জিলাৰ মৰাণত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।
তেওঁ কয়,"ৰমাকান্ত দেউৰী জনজাতীয় নেতা । ৰমাকান্ত দেউৰীৰ ক্ষোভ আছে । দলৰ কাম সমূহ কৰিবলৈ জ্যেষ্ঠসকলে সুবিধা পোৱা নাই ।" কংগ্ৰেছ দলৰ দুৱাৰ খোলা আছে বুলি মন্তব্য় কৰি কোনোবাই যোগদান কৰিলে তেওঁলোকে আদৰি ল'বলৈ সাজু বুলি কয় ৰাণা গোস্বামীয়ে । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে আওপতীয়াকৈ ৰমাকান্ত দেউৰীৰ বাবেই কংগ্ৰেছ দলৰ দুৱাৰ খোলা আছে ইংগিত দিয়ে ।