অসম

assam

BJP কৰ্মীৰ প্ৰহাৰত আহত পূৰ্ণিমা চাংমাইৰ ঘৰত ৰাণা গোস্বামী

ETV Bharat / videos

Couple allegedly beaten up by BJP workers: শাসক পক্ষই দোষ কৰিলে দোষ নহয়: ৰাণা গোস্বামী - BJP meeting in Sivsagar

By

Published : Jun 22, 2023, 2:18 PM IST

আমগুৰি,২২ জুন:বিজেপিৰ জনসম্পৰ্ক সভালৈ নোযোৱাৰ বাবে বিজেপিৰ পালিনেতাই প্ৰহাৰ কৰি আহত কৰা চাৰিং কাকতিগাঁৱৰ পূৰ্ণিমা চাংমাইৰ স্বাস্থ্যৰ বুজ ল'লে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে । জৰাজীৰ্ণ ঘৰত থাকি দিন হাজিৰা কৰি পৰিয়াল চলোৱা দুখীয়া পৰিয়ালটোক প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিজনে টিনপাত আৰু চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহাৰ্য আগবঢ়ায় ।  

উল্লেখ্য যে দীৰ্ঘদিন ধৰি দুটি সন্তানসহ অস্বাস্থ্যকৰ পৰিৱেশত জীৱন নিৰ্বাহ কৰি আহিছিল পৰিয়ালটোৱে । আৰ্থিক দুৰাৱস্থাৰ বাবে সন্তান দুটিয়েও বিদ্যালয়ৰ শিক্ষাগ্ৰহণ কৰিব পৰা নাছিল । দিন হাজিৰা কৰা পৰিয়ালটোৰ ক্ষেত্ৰত চাৰিং গাঁও পঞ্চায়তে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল । প্ৰধানমন্ত্ৰী আৱাস গৃহ, বিনামূলীয়া চাউল, অৰুণোদয় আঁচনিকে ধৰি কোনো এখন অভিলাসী আঁচনি লাভ কৰা নাই পৰিয়ালটোৱে ।়

এনে দুৰৱস্থাৰ প্ৰতিচ্ছবি সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে পৰিয়ালটোক কিছু পৰিমাণে সকাহ প্ৰদান কৰে । 

লগতে পঢ়ক:Flood in Assam : কলাজল নদীৰ বাঢ়নি পানীত নিখোঁজ বাইহাটা চাৰিআলিৰ ৰমেশ ডেকা

For All Latest Updates

ABOUT THE AUTHOR

...view details