অসম

assam

ৰাস মহোৎসৱ

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 5:37 PM IST

ETV Bharat / videos

মহাত্মাৰ পৰা সুধাকণ্ঠলৈ...ৰামপুৰ আঞ্চলিক ৰাসত জীৱন্ত প্ৰতিমূৰ্তি প্ৰদৰ্শন

মিৰ্জা, 3 ডিচেম্বৰ :দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি ৰাস মহোৎসৱ হিচাপে পৰিগণিত হোৱা ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ সমিতিয়ে এইবছৰ কৰিছে কিছু বিশেষ আয়োজন ৷ মানৱ প্ৰতিমা, প্ৰাচীন কৃষ্টি পুতলা নাচ, জীৱন্ত মহাত্মা গান্ধী, জীৱন্ত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উপস্থাপনেৰে ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱে বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শকক ৷

এই অনন্য ধৰণৰ উপস্থাপনে আমোদ দিছে ৰাসপ্ৰেমী ভক্তগণক । ৮৬ তম বৰ্ষ হিচাপে এইবেলি তেৰদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ বাকৰিত প্ৰতিটো নিশাই লোকাৰণ্য হোৱা পৰিলক্ষিত হৈছে । মৃন্ময় মূৰ্তিত জীৱন্ত ৰূপ দিয়াৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহক নাটকীয় ৰূপত দাঙি ধৰা হয় এই ৰাসত । বিশেষকৈ দ্বাপৰ যুগৰ শাৰদীয় পূৰ্ণিমাৰ নিশা গোপীসকলৰ সৈতে ভগৱান শ্ৰীকৃষ্ণই ৰাস ক্ৰীড়াত মগ্ন হোৱা বিষয়সমূহক প্ৰাধান্য দিয়া হয় এই ৰাসত । প্ৰতিটো নিশা সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়িত হৈ আহিছে ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱত ৷

লগতে পঢ়ক :নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱত স্থানীয় শিল্পীৰ দ্বাৰা প্ৰথমবাৰলৈ জীৱন্ত ৰাস প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details