Raksha Bandhan Celebration: নাহৰকটীয়াত সেনা জোৱানক ৰাখী পিন্ধাই আনন্দ-উল্লাস - Raksha Bandhan 2023
Published : Aug 30, 2023, 5:39 PM IST
নাহৰকটীয়া,৩০ আগষ্ট: আজি পবিত্ৰ ৰাখী পূৰ্ণিমা । পবিত্ৰ ৰাখী পূৰ্ণিমা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়াটো উদযাপন হয় ৰাখী বন্ধন । অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন আৰু একলব্য বিদ্যালয়ৰ আচাৰ্যাসকলে নাহৰকটীয়াৰ জয়পুৰস্থিত ভাৰতীয় সেনা বাহিনীৰ চাউনীত উপস্থিত হৈ সেনা জোৱানসকলক ৰাখী পিন্ধাই ভাতৃ-ভগ্নীৰ এনাজৰী গঢ়ি তোলে ।
ইয়াৰ পিছতেই মহিলাসকলে ভাৰতীয় জোৱানসকলৰ লগত ৰাখী গীতত নৃত্য কৰি আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় । ৰাখী বন্ধন উপলক্ষে জোৱানসকলৰ তৰফৰ পৰা মহিলাসকলক উপহাৰৰ টোপোলা প্ৰদান কৰাও পৰিলক্ষিত হয় । দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ থকা সেনা জোৱানসকলক ৰাখী পিন্ধাই উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত কৰে উদ্যোক্তাসকলে । উল্লেখযোগ্য যে অতীজৰে পৰাই ভাদ মাহৰ পূৰ্ণিমা তিথিতে ৰাখী বন্ধন উৎসৱ উদযাপিত কৰে হিন্দু সমাজত । দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধি ভাতৃত্ববোধ শক্তিশালী কৰে ।
লগতে পঢ়ক:Zubeen Garg controversy : অজাপ বিতৰ্ক; জুবিন গাৰ্গলৈ বিশেষ আহ্বান শংকৰজ্যোতি বৰুৱাৰ