Raksha Bandhan 2023: নলবাৰীত প্ৰজাপিতা বহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাখীবন্ধন - প্ৰজাপিতা বহ্মাকুমাৰী বিশ্ববিদ্যালয়ৰ ৰাখীবন্ধন
Published : Aug 31, 2023, 11:31 AM IST
নলবাৰী, ৩০ আগষ্ট:আজি পৱিত্ৰ ৰাখীবন্ধন । এই পৱিত্ৰ দিনটোত ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধোৱাৰ জৰিয়তে ভাতৃ-ভগ্নীৰ মাজত থকা প্ৰেমৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায় । আজি গোটেই দেশজুৰি পালন কৰা হৈছে এই পৱিত্ৰ ৰাখীবন্ধন । দেশৰ আন আন প্ৰান্তৰ লগতে নলবাৰীতো পালন কৰা হয় ৰাখীবন্ধন ।
নলবাৰী জিলাৰ মুকালমুৱাত প্ৰজাপিতা বহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মকৰ্তা সকলে ৰাখীবন্ধন উৎসৱ পালন কৰে । কৰ্মকৰ্তা সকলে মুকালমুৱা আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী জোৱানসকলক ৰাখী পিন্ধাই পালন কৰে এই উৎসৱ ।
ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰটোৰ কৰ্মকৰ্তা সকলে সম্পূৰ্ণ আধ্যাত্মিকতাৰে প্ৰেম আৰু ভাতৃ ভগ্নীৰ সমন্বয়ৰ উৎসৱ ৰাখীবন্ধন পালন কৰে । উল্লেখযোগ্য যে পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা পালন কৰা ৰাখীবন্ধনত এগৰাকী ভগ্নীয়ে ভাতৃৰ হাতত ৰাখী পিন্ধালে ভাতৃৰ অমংগল দূৰ হয় বুলি লোকবিশ্বাস ।
লগতে পঢ়ক:Raksha Bandhan 2023: ৰাখীবন্ধনত সোনকালে তৈয়াৰ কৰক এই মিঠাই, গেছ জ্বলোৱাৰো নাই প্ৰয়োজন
TAGGED:
Raksha Bandhan 2023