অসম

assam

বিজেপিৰ বিৰুদ্ধে সৰৱ ৰকিবুল হুছেইন

ETV Bharat / videos

Political talks: বিজেপিৰ বিদ্ৰোহ ঢাকিবলৈ কংগ্ৰেছৰ বিৰুদ্ধে চলিছে অপপ্ৰচাৰ; ৰকিবুল হুছেইন - Rakibul Hussain dismisses Congress MLA resignation

By

Published : Apr 8, 2023, 8:36 PM IST

নগাঁও, ৮ এপ্ৰিল:কংগ্ৰেছী বিধায়কে দলীয় বিষয় বাবৰ পৰা পদত্যাগ কৰা বুলি প্ৰচাৰ চলি থকাৰ মাজতেই সৰৱ হৈছে দলটোৰ জ্য়েষ্ঠ নেতা ৰকিবুল হুছেইন (Congress fire against BJP)। কংগ্ৰেছী বিধায়কৰ পদত্যাগ কৰাৰ খবৰ পোনচাতে নাকচ কৰিলে কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (Rakibul Hussain dismisses Congress MLA resignation)। 

শনিবাৰে নগাঁও ৰাজীৱ ভৱনত এক সংবাদ মেলৰ আয়োজন কৰি পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে এয়া বিজেপিৰ অপপ্ৰচাৰৰ বাহিৰে আন একো নহয় (Rakibul Hussain denies Congress MLAs resignation) ।  

বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে পুনৰ কয় যে, কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে এনেদৰে ষড়যন্ত্ৰ আৰম্ভ কৰিছে (Press Meet of Congress in Nagaon)। সংবাদ মেলত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে বিজেপিয়ে নিজৰ দলৰ বিদ্ৰোহ ঢাকিবলৈ এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে । কংগ্ৰেছৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰৰ নেতৃত্বত মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা থকা বুলি মন্তব্য় কৰে  প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

লগতে পঢ়ক:Nalbari AASU Protest: গণিত বিজ্ঞানৰ ইংৰাজী পাঠ্যক্ৰমৰ বিৰুদ্ধে নলবাৰীত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details