Mini Couple Marriage : ৰাজস্থানৰ মিনি দম্পতিৰ এখন আড়ম্বৰপূৰ্ণ বিয়া
নিউজ ডেস্ক, ২৮ জানুৱাৰী : শেহতীয়া কেইটামান দিনত কেইখনমান বিয়া ছচিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈ আহিছে । কিন্তু তাতোকৈ ডাঙৰ কথা উক্ত বিয়াকেইখনৰ বেছিকেইখনেই সম্পন্ন হৈছে ৰাজস্থানত (VVIP marriage in Rajasthan) । তাৰেই মাজৰ এখন বিয়াই শেহতীয়াকৈ ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে । এটি মিনি দম্পতিৰ এখন ব্যতিক্ৰমী বিয়াৰ বাবে এতিয়া দৰা-কইনা দুয়ো চৰ্চাৰ কেন্দ্ৰবিন্দুত ।
কোৱা হয় যে জন্মতে বিবাহ নিৰ্ধাৰিত হৈ আহে । কোনে কাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব সেয়া পূৰ্বনিৰ্ধাৰিত হৈ থাকে (social media viral marriage) । এককথাত ভাগ্যলিপি । আৰু এই কথাকেই যেন সাৰ্থক প্ৰমাণিত কৰিছে যোধপুৰৰ সাক্ষী আৰু ৰাজচামান্দৰ ঋষভে । তেওঁলোক দুয়োৰে উচ্চতা কম হ'ব পাৰে, কিন্তু আবেগ আৰু উৎসাহ যথেষ্ট বেছি (Sakshi Rishabh viral insta marriage) ।
প্ৰায় 3 ফুট 7 ইঞ্চি উচ্চতাৰ দুয়োগৰাকীয়ে বিশেষভাৱে সক্ষম । আনহাতে, সাক্ষীয়ে বি-কম আৰু এমবিএ কৰাৰ পিছত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক টিউচন কৰাই আছে (Rajasthan mini couple exceptional marriage) । আনহাতে, ঋষভে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে । উল্লেখ্য, দৰা হৈছে ইনষ্টাগ্ৰামত অতি সক্ৰিয় । ঋষভৰ ইনষ্টাগ্ৰামত এটা আইডি আছে । তাত তেওঁৰ দুই হাজাৰৰো অধিক ফল'ৱাৰ্ছ আছে । ইয়াৰ উপৰি মিনি ইনফ্লুৱেঞ্চাৰ 31 (mini influencer 31) নামৰ এটা আইডিও আছে । এইটো প্ৰায় এবছৰ পুৰণি । ইয়াত দুয়োজন মিনি ইনফ্লুৱেঞ্চাৰে তেওঁলোকৰ জীৱনৰ সৈতে সম্পৰ্কিত আপডেটবোৰ শ্বেয়াৰ কৰি থাকে । বিয়াখনৰ ভিডিঅ'টোও তাত পোষ্ট কৰা হৈছে আৰু চকুৰ পচাৰতেই তাত লাইকৰ বন্যা বৈ গৈছে ।
যোধপুৰৰ এই মিনি দম্পতি বৰ্তমান অতি বিখ্যাত হৈ পৰিছে । অৱশ্যে বিয়াখন এবছৰ আগতে ঠিক কৰা হৈছিল যদিও ২৬ তাৰিখে শুভ দিনটোত তেওঁলোক দুয়োৱে জীৱনে-মৰণে একেলগে থকাৰ শপত লয় । দুয়োৱে তেওঁলোকৰ প্ৰিয়জনৰ মাজত ঘূৰ্ণীয়মান মঞ্চত ইজনে সিজনক বৰমালা পিন্ধাইছিল । তেওঁলোকে জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু কনিষ্ঠসকলৰ শুভকামনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখে । আশা কৰিছে আগন্তুক জীৱন তেওঁলোকৰ সুখী হ'ব । ঋষভ নৃত্যৰ প্ৰতি অনুৰাগী । সেয়েহে তেওঁ বিয়াখনত হৃদয় খুলি তাৰ প্ৰকাশ কৰে । ঋষভৰ ভগ্নী ৰাধিকা-প্ৰতিভা আৰু সাক্ষীৰ ভাই-ভনী ঋষিৰাজ আৰু ৰাজশ্ৰীয়েও সকলো অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
বিয়াখনত সাক্ষীৰ ভাতৃ দিব্যা চোনীৰ মুখৰ অভিব্যক্তিয়েই তেওঁৰ সুখৰ সংজ্ঞা প্ৰকাশ কৰিছে । প্ৰতিটো মুহূৰ্ত মনত পেলায় তেওঁ । উল্লেখ্য, তেওঁলোক দুয়োজনেই যোৱা বছৰ পৰিয়ালৰ সন্মতিত বাগদান কৰিছিল । বাগদানৰ পিছত যেতিয়া তেওঁলোক দুয়ো মিলিত হৈছিল তেতিয়া দুয়োৱে বিয়াত কিবা এটা অগতানুগতিক কৰাৰ কথা চিন্তা কৰিছিল । তাৰ বাবেই সাক্ষী-ঋষভে ইনষ্টাত মিনি দম্পতিৰ আইডি সৃষ্টি কৰে আৰু তাত ফটো শ্বেয়াৰ কৰা আৰম্ভ কৰে । তেনেদৰেই যুটিটো সামাজিক মাধ্যমত হিট হৈ পৰে । সাক্ষীৰ ভাতৃয়ে প্ৰকাশ কৰা মতে, দুয়োজনৰ যুটি যথেষ্ট জনপ্ৰিয় । লগতে পৰিয়ালৰ সদস্যসকলে আশা কৰে যে ঋষভে যিদৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁ নিজৰ লক্ষ্যত উপনীত হ'ব আৰু নিশ্চিতভাৱে এজন বিষয়া হ'ব ।
লগতে পঢ়ক :Exceptional Marriage Procession : ককাকৰ ইচ্ছা পূৰণৰ বাবে দৰা আহিল হেলিকপ্টাৰত