অসম

assam

ETV Bharat / videos

Railway Officer arrested by police: আৰ পি এফৰ জালত পৰিল খোদ ৰেল বিষয়া - Railway Officer arrested by police

By

Published : Dec 6, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

জব্দকৃত সামগ্ৰী গোপনে বিক্ৰীৰ চেষ্টা ৰেল বিষয়াৰ(Railway Officer arrested by police) ৷ গুৱাহাটীৰ বামুণীমৈদাম ৰেলৱে ক’লনিৰ পৰা নিউ গুৱাহাটী আৰ পি এফে গ্ৰেপ্তাৰ কৰিছে ৰেল বিষয়াগৰাকীক (Rai৷ লোকজন হৈছে ৰেল বিভাগৰ IW ইমদাদুৰ ৰহমান । আৰক্ষী সূত্ৰে জানিব পৰা মতে ধৃত ইমদাদুৰ ৰহমানে ভুৱা চালানেৰে ৰেলৰ বৃহৎ পৰিমাণৰ স্ক্ৰেপ সৰবৰাহত সহায় কৰিছিল ।এই সন্দৰ্ভত ৰেল আৰক্ষীয়ে ১৫ দিন পূৰ্বে তালাচী চলাই ৰেলৰ সামগ্ৰী ভৰ্তি AS 01 BC 4283 নম্বৰৰ এখন ট্ৰাক জব্দ কৰিছিল । ট্ৰাকখনৰ লগতে আৰক্ষীয়ে আটক কৰিছিল ট্ৰাকখনৰ চালক চাহিদুল ইছলাম আৰু ৰেল বিভাগৰ চেকাৰ চাহাবুল ইছলামক । ৰেল আৰক্ষীয়ে আটকাধীন লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে নিশা বামুনীমৈদামৰ পৰা IW বিষয়া ইমদাদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে । ৰেল আৰক্ষীয়ে আজি ধৃত ইমদাদুৰ ৰহমানক আদালতত হাজিৰ কৰোৱাৰ পিছত নায়ালয়ৰ নিৰ্দেশ মৰ্মে জেল হাজোতলৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত ৰেল সুৰক্ষা বাহিনীয়ে(RPF) ভাৰতীয় দণ্ডবিধি 3(a) RPU (pa) act ৰ অধীনত নিউ গুৱাহাটী থানাত 8/22নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details