কণ-কণ শিক্ষাৰ্থীৰ নৃত্য-গীতেৰে টিংখাঙত মুখৰিত ৰাইজৰ উৎসৱ - সাংস্কৃতিক শোভাযাত্ৰা
Published : Jan 3, 2024, 10:23 PM IST
ডিব্ৰুগড়, 3 জানুৱাৰী : গুৰু-শিষ্য আৰু অভিভাৱকৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত এখন বিদ্যালয়ৰ চৌহদ । উল্লেখ্য যে, বুধবাৰে শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষাৰ অধীনত মাহমৰা আলিকিনাৰ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু মাহমৰা বৰপথাৰ A আৰু B সমলকেন্দ্ৰৰ সমূহ বিদ্যালয়ৰ সহযোগত, শিহুমৰা বৰপথাৰ মজলীয়া বিদ্যালয়ৰ শিক্ষকগোট, পৰিচালনা সমিতি, অভিভাৱকবৃন্দ আৰু সমূহ শিহুমৰা বৰপথাৰবাসী ৰাইজৰ আতিথ্যত "ৰাইজৰ উৎসৱ" উদযাপন কৰা হয় ।
শিহুমৰা বৰপথাৰ মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দ্বাৰা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । অনুষ্ঠানত শিক্ষাৰ্থী আৰু মাতৃ গোটৰ মাজত চিত্ৰাংকণ, নৃত্য, পাৰ-পানী, টেকেলি ভঙা আদি আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দেৱেন তিনিচুকীয়াই, স্মৃতি তৰ্পণ কৰে শিহুমৰা বৰকোৰোকানি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুপৱন বড়াই । শিক্ষা বিভাগে গ্ৰহণ কৰা ৰাইজৰ উৎসৱৰ দৰে কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশত যথেষ্ট অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে উদ্যোক্তা তথা স্থানীয় ৰাইজে ।
লগতে পঢ়ক :মৰাণ বাল্য বিকাশ বিদ্যালয়ত নৱবৰ্ষৰ ব্যতিক্ৰমী অনুষ্ঠান