Prabeen Das slams Pabitra Margherita: পবিত্ৰ মাৰ্ঘেৰিটাক তুলাধুনা ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক প্ৰবীণ দাসৰ - পবিত্ৰ মাৰ্ঘেৰিটাক তুলা ধূনা ৰাইজৰ দলৰ
গুৱাহাটী,৬ মে': কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১১ দলক বিজেপিৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই কৰা তুচ্ছ-তাচ্ছিল্যক লৈ সৰৱ হৈ পৰিছে ৰাইজৰ দল । সাংসদ পবিত্র মাৰ্ঘেৰিটাই ঐক্যবদ্ধ হোৱা দলসমূহক এন জি অ’, ক্লাৱৰ লগত তুলনা কৰি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে (Raijor Dal react on Pabitra Margherita remarks) ।
ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক প্ৰবীণ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে পবিত্ৰ মাৰ্ঘেৰিটাই নাজানে ৰাজনৈতিক দল আৰু ক্লাৱৰ পাৰ্থক্য (Prabeen Das slams Pabitra Margherita) । তেওঁ কয় যে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি ভয় খাবলৈ আৰম্ভ কৰিলেই বিজেপি দলে । ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ নিৰ্বাচনী আয়োগত পঞ্জীয়ন হোৱা দুটা ৰাজনৈতিক দল (Prabeen Das criticises Pabitra Margherita) ।
আনহাতে এন জি অ' নাইবা ক্লাৱ আদি ছ'ছাইটি আইনৰ অধীনত পঞ্জীয়ন কৰা হয় । এই কথা ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই ভালদৰে জনা উচিত । তেওঁ কয় যে ৰাজনৈতিক দল দুটাক উপলুঙা কৰাৰ পৰা এইটো কথা জানিব পৰা গৈছে যে পবিত্র মাৰ্ঘেৰিটাৰ জ্ঞানৰ গভীৰতা কিমান । তেওঁ পবিত্র মাৰ্ঘেৰিটাক ৰাজনীতি সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ।