অসম

assam

পলিথিন বিক্ৰী কৰা প্ৰতিষ্ঠানত অভিযান নাজিৰা মহকুমা প্ৰশাসনৰ

By

Published : Jul 8, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ বেগ আৰু পলিথিন বিক্ৰী তথা ব্যৱহাৰৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে সষ্টম হৈ পৰিছে নাজিৰা মহকুমা প্ৰশাসন ৷ চৰকাৰী নিৰ্দেশনাক আওকান কৰি এতিয়াও বজাৰত প্লাষ্টিক-পলিথিন বেগ আদি বিক্ৰী কৰি থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে আজি শিমলুগুৰি নগৰ পৌৰসভা আৰু নাজিৰা মহকুমা প্ৰশাসনে এক অভিযান চলায় (Raids on shops selling plastic polythene by subdivision administration )৷ অভিযান কালত বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবাশ কেজি প্লাষ্টিক আৰু পলিথিন উদ্ধাৰ কৰে ৷ চৰকাৰী নীতি-নিৰ্দেশনা নামানি নিজ ময়মতালিৰে পলিথিন বিক্ৰী কৰা এই ব্যৱসায়ী সকলক জৰিমনা বিহাৰ লগতে আগন্তুক দিনত এনে প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী আৰু ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ব্যৱসায়ী সকলক ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details