Anti-Gutkha raid in Bihpuria: বিহপুৰীয়াত গুটখা ব্যৱসায়ীৰ বাসগৃহত অভিযান - বিহপুৰীয়াত গুটখা ব্যৱসায়ীৰ বাসগৃহত অভিযান
Published : Aug 26, 2023, 1:16 PM IST
বিহপুৰীয়া,২৬ আগষ্ট: অসমত শীঘ্ৰেই বন্ধ হ'ব গুটখা, পান মছলা । ইতিমধ্যে পান মচলাৰ বিক্ৰী নিষিদ্ধ কৰাৰ আৰ্জিৰে উচ্চ ন্যায়ালয়ত PIL দাখিল কৰা হৈছে । সেইমৰ্মে উচ্চ ন্যায়ালয়ে জাৰি কৰিছে চৰকাৰলৈ জাননী । লখিমপুৰ জিলাৰ বিহপুৰীয়াতো বিখ্যাত গুটখা ব্যৱসায়ী বিপন পালৰ ঘৰত কৰ চাৰ্ভিলেন্স ইউনিটৰ এটি দলে অভিযান চলায় ৷
বিহপুৰীয়াত কোটি কোটি টকাৰ ব্যৱসায় চলাই যোৱা বিপন পালৰ কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে গুটখাৰ গুদামঘৰত অভিযান চলাই দলটোৱে ৷ অভিযানৰ পিছৰে পৰা বৰ্তমান পৰ্যন্ত পালৰ ব্যৱসায় প্ৰতিষ্ঠান বৰ্তমান পৰ্যন্ত বন্ধ হৈ আছে বুলি জানিবপৰা গৈছে ৷ ইপিনে অভিযানৰ সময়চোৱাত অভিযানকাৰী দলটোৰ পৰা সাংবাদিকে এই সন্দৰ্ভত জানিব বিচাৰিছিল যদিও এয়া এক সাধাৰণ অভিযান বুলি অভিহিত কৰে ৷
আনহাতে এই অভিযানৰ পিছতে গুটখা ব্যৱসায়ী বিপনৰ লগত যোগাযোগ স্থাপন কৰাৰ চেষ্টা কৰা হয় যদিও বিপনে মবাইল ফোন বন্ধ কৰি নিৰাপদ স্থানত অৱস্থান কৰাহে পৰিলক্ষিত হয় । উল্লেখযোগ্য যে বিপন পাল সাংবাদিকৰ পৰা আঁতৰি থকা বিষয়টোৱে বৰ্তমান সময়ত অধিক ৰহস্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক:AATSA vs AASA: প্ৰদীপ নাগৰ বিৰুদ্ধে গৰজি উঠিল আটছা