অসম

assam

ETV Bharat / videos

কলিয়াবৰৰ কাঞ্চনজুৰি এনিমেল ক’ৰিডৰত অভিযান: স্পীড লিমিট বৃদ্ধি নকৰিবলৈ আহ্বান

By

Published : Jun 20, 2022, 1:13 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

কাজিৰঙাৰ ৰাজপথত যান-বাহনৰ বিৰুদ্ধে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ নীতিশা বৰা আৰু পৰিবহন বিভাগৰ অভিযান (Raid at Animal Corridor across Kaziranga) ৷ কলিয়াবৰৰ কাঞ্চনজুৰি এনিমেল ক’ৰিডৰত অভিযান চলাই প্ৰশাসনিক বিষয়াগৰাকীয়ে আৰোহীসকলৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা হাতত লয় (ACS Officer in Kaziranga)৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭ টাকৈ এনিমেল ক’ৰিডৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৷ কাজিৰঙাৰ ৰাজপথৰ মাজেৰে অধিক বেগত গাড়ী চলোৱা, চিট বেল্ট নলগোৱাকৈ গাড়ী চলোৱা, হেলমেট নিপিন্ধা দুচকীয়া বাহনৰ চালক-আৰোহী সকলৰ বিৰুদ্ধে অভিযান চলায় ৷ পৰিবহন আইন অমান্য কৰা চালকসকলক পৰিবহন বিভাগে জৰিমনা বিহে বিষয়াগৰাকীয়ে ৷ বানপানীৰ এই সময়ছোৱাত কাজিৰঙাৰ বন্য জীৱ-জন্তুসমূহে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ওখ স্থানলৈ গমন কৰে ৷ এই সময়ছোৱাত কোনো জীৱ-জন্তু যাতে দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু মুখত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে এই অভিযান চলাই বুলি জানিবলৈ দিয়ে ৷ লগতে তেওঁ সংবাদমাধ্যমক জনায় যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথটোত এক নিৰ্দিষ্ট গতিবেগ নিৰ্ধাৰণ কৰি থৈ দিয়া আছে ৷ গতিকে যাত্ৰীসকলে যাতে এই নিয়ম পালন কৰি 40 ত কৈ অধিক স্পীড লিমিট বৃদ্ধি নকৰে তাৰ বাবে আহ্বান জনায় (Speed limit in Kaziranga) ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details