Press Meet of Karbi Anglong SP: অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - press meet of Karbi Anglong SP
অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ অভিযান আৰম্ভ কৰিছে কাৰ্বি আংলং জিলা আৰক্ষীয়ে(Anti arms mission in Karbi Anglong) । আজি জিলাখনৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এক সংবাদমেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়াৰ লগতে কয় যে বিগত নৱেম্বৰৰ পৰা এতিয়ালৈকে জিলাখনত মুঠ ছটা অবৈধ এছ বি বি এল বন্দুক জব্দ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে তিনিটা জিলাখনৰ খটখটী থানা এলেকাৰ পৰা উদ্ধাৰ কৰাৰ লগতে ডলামৰাৰ পৰা এটা আৰু ধনশিৰি এলেকাৰ পৰা আন দুটা বন্দুক উদ্ধাৰ কৰা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মেলখনত সদৰী কৰে । ইয়াৰে এটা বন্দুক হাতেসজা হোৱাৰ বিপৰীতে আনকেইটা ফেক্টৰীত নিৰ্মিত বুলি জানিবলৈ দিয়ে । লগতে প্ৰায় ১২/১৩ জাঁই সজীৱ গুলীও উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এই সন্দৰ্ভত ইতিমধ্যে এটা গোচৰ পঞ্জীয়ন হোৱাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় । আনহাতে, জিলাখনত এনে কোনো অবৈধ অস্ত্ৰৰ সন্ধান পালে ততালিকে আৰক্ষীক অৱগত কৰোৱাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমেলযোগে আহ্বান জনায়(Karbi Anglong SP press meet )।
Last Updated : Feb 3, 2023, 8:35 PM IST