অসম

assam

By

Published : Jan 31, 2023, 5:01 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Rahul Gandhi Playing in Snow : শ্ৰীনগৰৰ বৰফৰ মাজত শৈশৱৰ ধেমালিত মগ্ন ৰাহুল-প্ৰিয়ংকা

নিউজ ডেস্ক, 31 জানুৱাৰী : ৰাহুল গান্ধীৰ বাবে এতিয়া যেন অৱসৰ বিনোদনৰ সময় ৷ প্ৰায় 3,970 কিল’মিটাৰজোৰা ভাৰত জোড়ো যাত্ৰা(Bharat Jodo Yatra) সমাপ্তি ঘটোৱাৰ পাছত সেয়ে সোমবাৰে সন্ধিয়া কংগ্ৰেছ নেতাগৰাকীক দেখা গ’ল কাশ্মীৰৰ বৰফৰ মাজত ৷

ভগ্নী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ সৈতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে(Congress leaders Rahul Gandhi) কাশ্মীৰৰ বৰফৰ মাজত সৌন্দৰ্য উপভোগ কৰি থকা দেখা গ’ল ৷ এই ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত দেখা গ’ল  ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ মাজৰ ভাতৃত্ব ৷ ককায়েক ৰাহুল গান্ধী আৰু ভনীয়েক প্ৰিয়ংকাই(Priyanka Gandhi Vadra) বৰফৰ টুকুৰা লৈ শৈশৱৰ দিনবোৰৰ দৰেই ধেমালিত মগ্ন হোৱা দেখা গ’ল (Rahul Gandhi Playing in Snow)৷ যি দৃশ্যই ৰাহুল-প্ৰিয়ংকাৰ লগতে দৰ্শককো যেন কিছুসমৰ বাবে লৈ গ’ল শৈশৱৰ দিনবোৰলৈ ৷

বৰফৰ মাজত ভাতৃ-ভগ্নীৰ ধেমালিৰ মাজতে ৰাহুল গান্ধীয়ে এজন যুৱকৰ লগতে আলিংগন কৰাও দেখা গ’ল ভিডিঅ’টোত (Rahul Gandhi snowball fight with sister)৷ ইয়াৰোপৰি বৰফত আৱদ্ধ হৈ পৰা পৰ্যটকৰ এখন গাড়ী পিছফালৰ পৰা ঠেলি আগুৱাই দিয়াও দেখা গ’ল ৰাহুল গান্ধীয়ে ৷  

উল্লেখ্য য়ে, ৰাহুল গান্ধীয়ে শ্ৰীনগৰত যোৱা পাঁচ দিন ধৰি ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰে ৷ উক্ত কাৰ্যসূচী সামৰণিৰ পাছত লালচৌকত ত্ৰিৰংগ উত্তোলন কৰিছিল ৷ সোমবাৰে তেওঁ প্ৰচণ্ড বৰফৰ মাজতে ৰেলীত ভাষণ দিছিল ৷ ৰাহুল গান্ধীৰ মতে এই যাত্ৰাই ভাতৃত্ববোধ, ধৰ্মীয় সম্প্ৰীতি কঢ়িয়াই আনিব ৷

লগতে পঢ়ক :Seasonal Allergies: বতৰ পৰিৱৰ্তনৰ লগে লগে এলাৰ্জীয়ে আমনি কৰে নেকি ? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details