ক’হিমাৰ একা-বেঁকা পাহাৰীয়া পথেৰে আগবাঢ়িছে ন্যায় যাত্ৰাৰ বাছ - Nagaland Nyay Yatra
Published : Jan 16, 2024, 8:05 PM IST
নিউজ ডেস্ক, 16 জানুৱাৰী: পাহাৰীয়া একা-বেঁকা পথেৰে আগবাঢ়িল ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাছ ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত 14 জানুৱাৰীৰ পৰা অব্যাহত থকা ন্যায় যাত্ৰাই বাট ল’লে নাগালেণ্ডত ৷ নাগালেণ্ডত ন্যায় যাত্ৰাৰ যাত্ৰীসকলৰ সমৰ্থনত ওলাই গ’ল হাজাৰ-হাজাৰ লোক ৷ তাৰ মাজে-মাজে ৰাহুল গান্ধীৰ উদাত্ত ভাষণ ৷
ৰাহুল গান্ধীৰ মন্তব্য- বিজেপিৰ মডেল অন্যায়ৰ মডেল ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আঁৰৰ কাৰণ হ’ল সমগ্ৰ দেশত ন্যায় প্ৰতিষ্ঠা, সকলো ধৰ্মৰ প্ৰতি ন্যায় প্ৰদান, সকলো ৰাজ্যৰ প্ৰতি ন্যায় প্ৰদান, সকলো জাতি-জনগোষ্ঠীৰ প্ৰতি ন্যায় প্ৰদান ৷
প্ৰায় 9 বছৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জনতাক কথা দিছিল নাগালেণ্ডৰ সমস্যাসমূহ সমাধান কৰাৰ, কিন্তু সেয়া নকৰিলে বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে ৷ ইয়াৰোপৰি শেহতীয়াকৈ মণিপুৰত হোৱা হিংসাত্মক পৰিস্থিতিতো ৰাজ্যখনত পৰিদৰ্শন কৰাৰ কথা কৈ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এয়া অতি লাজৰ বিষয় ৷ ন্যায় যাত্ৰাৰ ইছ্যুৰ সমূহৰ ভিতৰত নিবনুৱা সমস্যা, সামগ্ৰীৰ দামবৃদ্ধি, অৰ্থনৈতিক অসমতা আদি বিষয়সমূহ সামৰি লোৱা হৈছে বুলি মন্তব্য কৰি ৰাহুল গান্ধীয়ে কয় যে এই ন্যায় যাত্ৰাত ৰাইজৰ সঁহাৰি লাভ কৰি তেওঁ অতিকে আনন্দিত ৷
লগতে পঢ়ক:ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ন্যায় যোদ্ধা হ'বলৈ আহ্বান অলকা লাম্বাৰ