অসম

assam

Poor health service at Raha: চিকিৎসকৰ অবিহনে চলিছে ৰহাৰ পৰিপূৰক চিকিৎসা কেন্দ্ৰ

By

Published : Feb 12, 2023, 2:03 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ৰহা পৰিপূৰক স্বাস্থ্য় কেন্দ্ৰ

ৰহা, ১২ ফেব্ৰুৱাৰী:চৰকাৰে ৰাজ্য়খনৰ প্ৰায়ভাগ জিলাতে চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয় নিৰ্মাণ কৰি স্বাস্থ্যখণ্ডৰ উন্নতি কৰা বুলি দাবী কৰিলেও একাংশ চিকিৎসালয়ৰ বিধ্বস্ত অৱস্থাই স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বিপৰীত ছবি এখনহে প্ৰতিফলিত কৰিছে । চৰকাৰৰ দাবীৰ বিপৰীতে ৰাজ্যখনৰ বিভিন্ন ঠাইত এতিয়াও চিকিৎসক আৰু চিকিৎসালয়ৰ অভাৱত ৰোগীয়ে মৃত্যুক সাৱতি ল'ব লগীয়া হৈ আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে (Shortage of medical facilities in Assam) ৷ ৰাজ্যৰ অসামৰিক চিকিৎসালয়সমূহৰ লগতে স্বাস্থ্য় কেন্দ্ৰসমূহৰ অধিকাংশতেই পৰ্যাপ্ত  চিকিৎসকৰ লগতে চিকিৎসা কৰ্মীৰ অভাৱ বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।

ৰহা নগৰৰ মাজমজিয়াত অৱস্থিত ৰহা পৰিপূৰক স্বাস্থ্য় কেন্দ্ৰটোত এনে এখন ছবি প্ৰতিফলিত হৈছে (No doctors at Raha Supplementary Health Centre)। এই পৰিপূৰক স্বাস্থ্য় কেন্দ্ৰটোত নাই চিকিৎসক । আনহাতে, স্বাস্থ্যকৰ্মী অবিহনেই চলিছে এই কেন্দ্ৰটো । খোদ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাতে স্বাস্থ্য বিভাগৰ এই পঁয়া লগা ৰূপে ৰাইজক চিন্তিত কৰিছে (Health Minister Keshav Mahanta)। উল্লেখ্য যে ৰহাৰ মাজমজিয়াতে আছে অতি গুৰুত্বপূৰ্ণ ৰহা পৰিপূৰক স্বাস্থ্যকেন্দ্ৰটো । নিতৌ শতাধিক ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা চিকিৎসালয়খনত পিচে নাই পৰ্যাপ্ত  চিকিৎসক । চৰকাৰী তথ্য মতে,চিকিৎসালয়খনত চাৰিজনকৈ চিকিৎসক নিযুক্তি দিয়া আছে যদিও এজনৰ বাহিৰে তিনিজন চিকিৎসকৰ ছাঁটোকে আজিলৈকে দেখা নাই ৰহাবাসীয়ে ।

ইপিনে,যি গৰাকী চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াই আছিল সেইগৰাকীও ব্যক্তিগত কাৰণত ছুটি লোৱাত চিকিৎসক শূণ্য হৈছে ৰহা পৰিপূৰক চিকিৎসা কেন্দ্ৰটো । ফলত চিকিৎসা অবিহনে উভতি যাবলগীয়া হৈছে ৰোগী (Poor health service at Raha Health Centre) । নিয়মিতভাৱে গৰ্ভৱতী মহিলা তথা প্ৰসূতিয়ে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা চিকিৎসালয়খনত নাই জিএনএম । ইয়াত নাই কোনো ছুইপাৰ । আনকি ঔষধ দিবলৈ চিকিৎসালয়খনত নাই ফাৰ্মাচিষ্ট ।

চিকিৎসালয়খনত ফাৰ্মাছিষ্টৰ সলনি ঔষধ দিয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে । ৰহাৰ অতি গুৰুত্বপূৰ্ণ এই চিকিৎসালয়খনত চলি থকা এনে অৰাজক বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ লগতে দল-সংগঠনে । আছু, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ আদি সংগঠনে ৰহাৰ অতি পুৰণি তথা গুৰুত্বপূৰ্ণ চিকিৎসালয়খনত শীঘ্ৰে চিকিৎসক তথা প্ৰয়োজনীয় চিকিৎসাকৰ্মী নিযুক্তি দিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Burmese Supari seized : বোকাজানত ২,৫০০ বস্তা বাৰ্মিজ চুপাৰিসহ আটক চাৰি সৰবৰাহকাৰী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details