অসম

assam

ETV Bharat / videos

Raas preparation in Majuli: সত্ৰনগৰী মাজুলীত চলিছে ৰাসৰ ব্যাপক প্ৰস্তুতি

By

Published : Oct 29, 2022, 8:54 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ৰাস বুলিলেই পোন প্ৰথম মনলৈ আহে সত্ৰনগৰী মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ আছে এক এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ (Raas Festival in Majuli) । মাজুলীৰ প্ৰায় ১৪খন সত্ৰ আৰু প্ৰায় অৰ্দ্ধশতাধিক ৰংগমঞ্চত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ (Raas preparation in Majuli) ৷ সম্প্ৰতি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত হৈ পৰিছে ৰাস মহোৎসৱৰ প্ৰস্তুতিত । এয়া মাজুলীৰ গায়নগাঁৱৰ নৱজ্যোতি কৃষ্টি সংঘৰ দৃশ্য । বিগত দুটাকৈ বছৰ ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ বাবে ৰাস উদযাপনত কিছু বাধা আহি পৰিছিল । পিছে এই বছৰ পৰিস্থিতি কিছু উন্নত হোৱাত অতি উলহ মালহেৰে ৰাস মহোৎসৱ পালন কৰিবলৈ সাজু হৈছে গায়নগাঁওবাসী । কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলো এতিয়া ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰা কৰাত (Raas celebrated in Majuli) ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details