নিজম পৰিল সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী - raas in Assam
Published : Dec 1, 2023, 12:39 PM IST
মাজুলী, 1 ডিচেম্বৰ : বৃহস্পতিবাৰে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ সামৰণি পৰে । এমাহ জোৰা উখল মাখল পৰিৱেশৰ পাচত নিস্তব্ধ হ’ল মাজুলীৰ আকাশ বতাহ । ৰাসৰ সামৰণিৰ লগে লগে নিজ নিজ স্থানলৈ উভতিছে মাজুলীলৈ অহা দেশী বিদেশী পৰ্যটকসকল ।
ৰাসৰ সময়চোৱাত দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেশিত হয় সত্ৰনগৰী মাজুলী । এই সময়ছোৱাত বাঁহীৰ সুৰ, খোল-তালৰ মাতে মুখৰিত হৈ পৰে মাজুলীৰ আকাশ-বতাহ । দক্ষিণ পাট সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰকে আদি কৰি সত্ৰ আৰু ৰংগমঞ্চসমূহত আয়োজন কৰা ৰাসে জিলিকাই তুলিছিল মাজুলীক ।
লক্ষণীয় যে, মাজুলীৰ ৰাস অনন্য আৰু অদ্বিতীয় । ৰাস মহোৎসৱ মাজুলীবাসীৰ স্বাভিমান । ৰাস মহোৎসৱৰ সামৰণি পৰাৰ লগে লগেই উখল মাখল পৰিৱেশে বিৰাজ কৰা মাজুলীত এতিয়া নিস্তব্ধ পৰিৱেশ ।