অসম

assam

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ভক্তি ৰসত বিলীন খুমটাইবাসী

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 1:11 PM IST

ভক্তি ৰসত বিলীন খুমটাইবাসী

গোলাঘাট, 27 ডিচেম্বৰ: শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিলক্ষিত হৈছে উখল-মাখল পৰিৱেশ । ভক্তি ৰসত বিলীন হৈ পৰিছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্ত । ব্যতিক্ৰম নহয় গোলাঘাট জিলাও । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে কমাৰগাঁও ৰাস মহোৎসৱৰ বাবে বৃন্দাবন সদৃশ পৰিবেশলৈ পৰ্যবসিত হৈছে । গোলাঘাট জিলাৰ কমাৰগাৱঁৰ বৰদিহিঙীয়াত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ অনুষ্ঠিত কৰিছে । 

বৰদিহিঙীয়াৰ ৰাস মহোৎসৱৰ দ্বিতীয় দিনা দৰ্শকৰ পাৰভঙা উচাহ পৰিলক্ষিত হয় । বৰদিহিঙীয়া নাট্যমন্দিৰত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত নৃত্য-গীতেৰে প্ৰাণচঞ্চল হৈ পৰিল সমগ্ৰ পৰিৱেশ ৷ দূৰ-দূৰণিৰ পৰা ৰাস চাবলৈ হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিলেহি ৰাসথলীত ৷ প্ৰতিজন শিল্পীৰ সুন্দৰ অভিনয়ে মুগ্ধ কৰিলে প্ৰতিগৰাকী দৰ্শকক ।

লগতে পঢ়ক:ৰাস মহোৎসৱৰ প্ৰথমদিনাই লোকাৰণ্য ঐতিহ্যমণ্ডিত হৰিমন্দিৰৰ বাকৰি

ABOUT THE AUTHOR

...view details