অসম

assam

ৰাম মন্দিৰ আৰ্হিত নিৰ্মাণ যোৰহাট টাউন ষ্টেচনৰ পূজা মণ্ডপ

ETV Bharat / videos

Durga Puja 2023: ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ যোৰহাট টাউন ষ্টেচনৰ পূজা মণ্ডপ - Festival in Assam

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:05 PM IST

যোৰহাট,১৮ অক্টোবৰ:শাৰদী ৰাণী দেৱী দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী । সমান্তৰালভাৱে দুৰ্গা পূজা সমিতিয়ে আকৰ্ষণীয় ৰূপত সজাই তুলিছে পূজা মণ্ডপসমূহ । ফলত পূজা মণ্ডপ সজাই তোলাত সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো চলিছে এক অঘোষিত প্ৰতিযোগিতা । যোৰহাট টাউন ৰে'লৱে ষ্টেচন পূজা মণ্ডপে আকৰ্ষণ কৰিছে পূজাপ্ৰেমী ৰাইজক । কাৰণ উত্তৰ প্ৰদেশ ৰামৰ জন্মভূমিত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ।  

৭৬ বছৰত ভৰি দিয়া যোৰহাট টাউন ষ্টেচনৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থীসকলক ৰামায়ণ বিষয়বস্তু সম্পৰ্কে জ্ঞান আহৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে লগতে নগৰ টাউন ষ্টেচনত প্ৰথমবাৰ বাবে কলিকতা পৰা মহিলা 'ঢাক দল' আহি ঢাক প্ৰদৰ্শন কৰিব । উল্লেখ্য যে, যোৰহাট জিলাত সহস্ৰাধিক পূজা মণ্ডপ সাজু কৰি তোলা হৈছে । সকলোৱে বিভিন্ন আৰ্হিত পূজা মণ্ডপ সজাই তোলা হৈছে । 

লগতে পঢ়ক:Magic driver tries to molest girl: যুৱতীক শ্লীলতা হানিৰ চেষ্টা মেজিক চালকৰ; স্থানীয় ৰাইজে শোধালে উত্তম-মধ্যম

ABOUT THE AUTHOR

...view details