Bonda student Murder update; হত্যাকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰি নিজৰাত হাত ভৰি ধুইছিল; প্ৰত্যক্ষদর্শী - Guwahati murder case update
গুৱাহাটী, ১০ আগষ্ট :গুৱাহাটীৰ বোন্দাত নৱম শ্ৰেণীৰ ছাত্ৰক নৃশংসভাৱে হত্যা ৷ বুধবাৰে দিনৰ ভাগতে পোহৰলৈ আহিছে তথ্য ৷ আৰক্ষী আৰু অনুসন্ধানকাৰীৰ তদন্তত পোহৰলৈ আহিছে ঘটনাৰ ন ন তথ্য ৷ বোন্দাত সংঘটিত হোৱা নীতেশ কুমাৰৰ হত্যাকাণ্ডৰ পাচতে সংবাদ মাধ্যমৰ আগত মুখ খুলিছে হত্যাকাণ্ডৰ মূল অভিযুক্ত অভিষেক বৰুৱাৰ পৰিয়ালৰ লগতে ভাড়াঘৰৰ মালিকে ৷ এইবাৰ এই হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়েও সংবাদ মাধ্যমৰ আগত কিছু বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ৷
প্ৰত্যক্ষদর্শীৰ ভাষ্য অনুসৰি, বুধবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত দুজন ল’ৰাই হাতত এখন দা লৈ আমচাং অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিছিল ৷ ইয়াৰে এজন ল’ৰা আধা ঘন্টা মানৰ পিচতে অভয়াৰণ্যৰ ভিতৰৰ পৰা ওলাই আহি ওচৰতে থকা নিজৰাত হাত ভৰি ধুই আছিল ৷ তেনেতে এজন প্ৰত্যক্ষদর্শীয়ে ল’ৰাজনক আনজন ল’ৰা ক’ত বুলি প্ৰশ্ন কৰে ৷ তেতিয়া নিজৰাত ভৰি-হাত ধুই থকা ল’ৰাজনে আনজন অভয়াৰণ্যৰ ভিতৰতে বহি খাদ্য গ্ৰহণ কৰি আছে বুলি উত্তৰ দিয়ে ৷
এই কথা প্ৰত্যক্ষদৰ্শীয়ে বন বিভাগৰ তহলদাৰী দলক অৱগত কৰে । তাৰ পিচতে বন বিভাগৰ দলটোৱে অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰি এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰে । পৰৱৰ্তী সময়ত মৃত যুৱকজন নীতেশ কুমাৰ বুলি চিনাক্ত কৰে আৰক্ষী তথা অনুসন্ধানকাৰী দলে ৷
লগতে পঢ়ক :Murder at Bonda; গুৱাহাটীৰ ছাত্ৰক হত্যা; পদপথৰ ব্যৱসায়ীয়ে হত্যা কৰিলে নীতেশ কুমাৰক