অসম

assam

লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে সমষ্টিবাসী

ETV Bharat / videos

Constituency delimitation 2023: ঐতিহাসিক লাহোৱাল সমষ্টিৰ বিলুপ্তিকৰণ, নিৰ্বাচন বৰ্জনৰ হুংকাৰ ক্ষোভিতৰ - abolition of Lahowal constituency

By

Published : Aug 13, 2023, 11:34 AM IST

ডিব্ৰুগড়, 13 আগষ্ট:  নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চুড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতেই 117 নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণ হোৱাটো নিশ্চিত হৈ পৰিল । দল- সংগঠনৰ লগতে লাহোৱালৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো বিলুপ্তিকৰণৰ কৰা হ'ল ঐতিহাসিক লাহোৱাল সমষ্টি । 1957 চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণক লৈ ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিছে মুকলি ক্ষোভ, অসন্তুষ্টি । 

এতিয়াও ঐতিহাসিক লাহোৱাল সমষ্টি বিলুপ্তিকৰণক সহজে মানি ল'ব পৰা নাই লাহোৱালৰ ৰাইজে । লাহোৱাল সমষ্টি বিলুপ্ত কৰি "চাবুৱা লাহোৱাল" নামকৰণ কৰাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । নিৰ্বাচনী আয়োগৰ ওচৰত বহু স্মাৰকপত্ৰ প্ৰদান আৰু ধাৰাবাহিক আন্দোলনৰ পাছতো লাহোৱাল সমষ্টিক মৰাণ, চাবুৱা আৰু ডিব্ৰুগড় সমষ্টিৰ সৈতে হাস্যকৰভাৱে সংযুক্ত কৰি নামাকৰণ হিচাপে চাবুৱা লাহোৱাল দি লাহোৱাল সমষ্টিক নিঃশেষ কৰাত তীব্ৰ বিৰোধিতা কৰি পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে দল সংগঠনৰ লগতে সচেতন ৰাইজে । ইয়াৰোপৰি নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰদান কৰে ক্ষোভিত ৰাইজে ৷

লগতে পঢ়ক :Constituency Delimitation 2023: চাবুৱা লাহোৱাল সমষ্টি পুনৰ গঠনক লৈ সুখী বিধায়ক পোনাকণ বৰুৱা

ABOUT THE AUTHOR

...view details