Majuli Jorhat connecting bridge: ৯২৫ কোটি টকাৰে নিৰ্মাণ সম্ভৱ নে মাজুলী যোৰহাট সংযোগী দলঙৰ ? - Majuli bridge news
Published : Oct 8, 2023, 4:14 PM IST
মাজুলী, 8 অক্টোবৰ : মাজুলীৰ ৰাইজৰ সপোন যোৰহাট মাজুলী সংযোগী দলং । মাজুলীৰ ৰাইজৰ সপোনৰ দলংখনৰ নিৰ্মাণৰ কাম চলি আছে । এই দলঙৰ কাম চলি থকা সময়তে শনিবাৰে মাজুলীৰ কমলাবাৰীত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত মাজুলীৰ এগৰাকী স্থানীয় লোকে প্ৰশ্ন উত্থাপন কৰে যে, 925 কোটি টকাৰে সম্ভৱ নে মাজুলী যোৰহাট সংযোগী দলং ?
এখন উৰণ সেঁতু যদি তিনি হাজাৰ কোটি টকাৰে নিৰ্মান হয় তেনেস্থলত মাজুলী যোৰহাট সংযোগী দলং 925 কোটি টকাৰে হ’ব বুলি মাজুলীবাসীক কিয় প্ৰতাৰণা কৰিছে বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে স্থানীয় লোকজনে ৷ তেওঁ লগতে কয় যে, যদি পইচা কম হয় ঠিকাদাৰে কামত দুৰ্নীতি কৰিব আৰু গংগা নদীৰ ওপৰৰ দলং দৰে হ’লে মাজুলীবাসীয়ে ফল ভুগিব লাগিব । 925 কোটি টকাত 18 কি.মি দৈর্ঘ্যৰ দলং কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰে এইগৰাকী স্থানীয় লোকে ।
লগতে পঢ়ক:খুঁটা পোতোতেই মেলিছে ফাঁট; সুকলমে নিৰ্মাণ হ’বনে যোৰহাট-মাজুলী দলং !