Protest in Nalbari : নলবাৰীত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ কবিতা লিখি প্ৰতিবাদ
নলবাৰী: ২৯ এপ্ৰিল: নলবাৰীত ডাম্পাৰৰ দৌৰত্ম্য়ত অতিষ্ঠ হৈ এইবাৰ ৰাইজ বন্ধ কৰি দিলে পথ (Dilapidated road in Road Nalbari) ৷ ডাম্পাৰৰ অঘোষিত দৌৰাত্ম্যত নলবাৰীত দুৰ্ভোগ ভুগিব লগা হৈছে এটা অঞ্চলৰ ৰাইজে । নলবাৰীৰ সোণকুৰিহা পাগলাদিয়াৰ পৰা দিনৰ পোহৰ হোৱাৰ পৰাই আৰম্ভ হয় ডাম্পাৰৰ দৌৰাত্ম্য (Public Protested in Nalbari) ৷ ডাম্পাৰৰ এই অঘোষিত দৌৰাত্ম্য়ত অসহায় সাধৰণ জনতা, স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে আদি কৰি অঞ্চলটোৰ কেইবাখনো গাঁও ।
যাৰ ফলত ৰাইজে পথৰ ওপৰত কবিতা লিখি আঁৰি থৈ বন্ধ কৰি দিয়ে হাজো-নলবাৰী পথৰ বগলচৰোড চ'কৰ পৰা বৰভাগ কালাগলৈ যোৱা পথচোৱা । নিৰ্বিকাৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হয় স্থানীয় লোকসকল ৷ এয়া নলবাৰী জিলাৰ বগলচৰোড চ'কৰ দৃশ্য কাষতে আছে তিনিখনকৈ বিদ্যালয় ৷ তাৰ পিচতো জিলা প্ৰশাসনৰ কোনো নাই ভ্ৰূক্ষেপ ৷ নিতৌ এনেদৰে ডাম্পাৰৰ দৌৰাত্ম্যত অহা যোৱা কৰা লোকসকলে যাতায়তত নিতৌ সমস্যাৰ সন্মুখীন হয় ৷
উল্লেখযোগ্য যে, জৰাজীৰ্ণ পথচোৱাৰে চলা ডাম্পাৰৰ পৰা হঠাৎ মাটি ওলাই পৰি কোনো লোক দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰে । ফলত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পথচোৱাত ডাম্পাৰৰ চলাচল বন্ধ কৰি দিয়ে । স্থানীয় লোকে দিনৰ পোহৰত ডাম্পাৰৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ আহ্বান জনায় জিলা প্ৰশাসনক ।
লগতে পঢ়ক:Delhi wrestler protest: ভাৰতীয় কুস্তি ফেডাৰেচনৰ অধ্যক্ষ ব্ৰীজ ভূষণৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন