Poor Road Condition in Duliajan : পথ নিৰ্মাণৰ দাবীত দুলীয়াজানত ৰাইজৰ প্ৰতিবাদ - বিধায়ক তেৰছ গোৱালা
Published : Sep 1, 2023, 8:33 PM IST
নাহৰকটীয়া, 1 ছেপ্টেম্বৰ : দুলীয়াজান সমষ্টিৰ মূল পথচোৱাৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিধ্বস্ত পথচোৱাৰ বাবে জীয়াতু ভুগিছে সাধাৰণ জনতাই ৷ দল-সংঠনৰ লগতে স্থানীয় ৰাইজে পথচোৱা নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত স্থানীয় বিধায়ক তেৰছ গোৱালা, কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী আৰু লোক নিৰ্মাণ বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷
ফলত অসমীয়া মহিলা মঞ্চ আৰু স্থানীয় ৰাইজে শুকুৰবাৰে পথ নিৰ্মাণৰ দাবীত মানপুৰ তিনিআলিৰ পৰা টিপলিং তিনিআলিলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ অতি শীঘ্ৰে পথচোৱা মেৰামতি নকৰিলে আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক :Toll gates in Assam: এবছৰত টোলগেটৰ যোগেদি অসমৰ পৰা সংগ্ৰহ ৪৬৬ কোটি টকা