Dilapidated road in Silapathar: পথ মেৰামতিৰ দাবীত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ - Public protest against MP in Silapathar
জোনাই, ১৮ জুন:ধেমাজি জিলাৰ চিলাপথাৰত পুনৰ "প্ৰদান বৰুৱা, ভূৱন পেগু মূর্দাবাদ"শ্লোগান । এটা পথ নিৰ্মাণৰ দাবীত ৰাইজ ওলাই আহিল প্ৰতিবাদ কৰিবলৈ । চিলাপথাৰৰ মাজগাঁও চাৰিআলিৰ পৰা বেতনিপাম সংযোগী পথৰ পৰা গেলুৱা কেন্দুগুৰি হৈ বেতনিপাম সংযোগী পথৰ দুৰাৱস্থাই জীয়াতু ভোগাইছে ৰাইজক । চিলাপথাৰ গাঁও পঞ্চায়তৰ অধীনৰ এই পথটোৰ দুৰাৱস্থাই ৰাইজক যাতায়াতৰ ক্ষেত্ৰত যমৰ যন্ত্ৰণা ভোগাই অহাৰ পিচতো জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্য়স্ত কৰে ।
উল্লেখ্য় যে, বাৰিষা এই পথটোত একাঁঠু পৰ্যন্ত বোকা হয় । ফলত সৃষ্টি হয় কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ যাব নোৱাৰা পৰিস্থিতিৰ । ৰাইজে তেওঁলোকৰ বাহনসমূহ পথৰ সন্মুখৰ কাৰোবাৰ ঘৰত থৈ জোতা-চেণ্ডেল খুলি একাঁঠু বোকাত যাতায়াত কৰিবলগীয়া হয় । এই পথছোৱা নিৰ্মাণৰ বাবে ৰাইজে বিধায়ক ভূৱন পেগুকে আদি কৰি পঞ্চায়ত কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল লাভ নকৰাত পথলৈ ওলাই আহিল স্থানীয় ৰাইজ ।
পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগুৰ মূর্দাবাদ ধ্বনি দিয়ে । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে নিৰ্বাচন বৰ্জন কৰিব বুলি সকীয়াই দিছে ।
লগতে পঢ়ক:Teachers association meet : প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত মত বিনিময় অনুষ্ঠান