অসম

assam

লুইত খাবলুত ৰাইজৰ প্ৰতিবাদ

By

Published : May 16, 2023, 8:37 PM IST

ETV Bharat / videos

Dilapidated bridge in Majuli: মাজুলীত দলং নিৰ্মাণৰ দাবীত মৃতদেহ লৈ প্ৰতিবাদ ৰাইজৰ

মাজুলী, ১৬ মে':মাজুলীৰ লুইত খাবলুত ৰাইজৰ প্ৰতিবাদ (Public protest for bridge in Majuli)। লুইত খাবলু দলঙৰ ওপৰত মৃতদেহ লৈ স্থানীয় ৰাইজে প্ৰতিবাদ জনায় । বকুল দাস নামৰ এজন লোকৰ মৃতদেহ সমুখত লৈ প্ৰতিবাদ স্থানীয় ৰাইজৰ । উল্লেখ্য় যে, লুইত খাবলু নদীৰ ওপৰত থকা দলঙখন অতি দুৰ্বল হোৱা বাবে দলঙৰ ওপৰেদি পাৰাপাৰ কৰিব নোৱাৰে গধুৰ বাহন । ফলত বিভিন্ন সময়ত বিপদৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ ।  

উল্লেখ্য় যে, মঙলবাৰে পানীত পৰি মৃত্যু ঘটা বকুল দাসৰ মৃতদেহটো গড়মূৰ জিলা চিকিৎসালয়লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে আনিছিল যদিও মৃতদেহ ঘূৰাই নিবলৈ পৰিয়ালৰ লোকে নাপালে এখনো গাড়ী । দুৰ্বল দলঙৰ বাবে পাৰ নহয় সৰু বৰ গাড়ী । সেয়েহে এই দলংখন পকী কৰাৰ দাবীত স্থানীয় ৰাইজে মৃতদেহ লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ ।  

দুৰ্বল দলঙৰ বাবে পুনৰ বিপদত পৰিছে অঞ্চলটোৰ ৰাইজ (Poor road communication in Majuli)। এইবাৰ দুৰ্বল দলঙৰ বাবে মৃতদেহ নিবলৈ নাই গাড়ী । পূৰ্বেও এই অঞ্চলৰ লোকে চাইকেলত মৃতদেহ কঢ়িয়াই সংবাদমাধ্য়মৰ শিৰোনাম দখল কৰিছিল । তাৰ পাচত লাভ কৰিছিল এখন কাঠৰ দলং । বৰ্তমান এই দলঙখন পঁচি যোৱাত এই অঞ্চললৈ নাযায় গাড়ী । লখিমপুৰ জিলাৰ এই লুইত খাবলু অঞ্চলটোৰ ৰাইজে চৰকাৰী সুবিধা লাভ তথা উন্নতিৰ বাবে চামিল হৈছিল মাজুলী জিলাত । কিন্তু ইয়াৰ পিচতো উন্নয়নৰ মুখ দেখা নাই এই অঞ্চলটোৰ লোকে । 

লগতে পঢ়ক:Protest against Chinas aggression: চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে তিব্বত যুৱ কংগ্ৰেছৰ পদযাত্ৰা

ABOUT THE AUTHOR

...view details