অসম

assam

ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

ETV Bharat / videos

Protest in Doom Dooma : ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দল-সংগঠন আৰু ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ - ডুমডুমা ৰাজহ চক্ৰ

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:02 PM IST

তিনিচুকীয়া, 3 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ ডুমডুমাত স্থাপন হোৱা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ অভিযোগত শুকুৰবাৰে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত ডুমডুমা অঞ্চলৰ সমূহ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ উদ্যোগত আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ 2019 চনতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এই মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আজি পৰ্যন্ত মাত্ৰ 5 শতাংশহে সম্পূৰ্ণ হৈছে ৷

ইফালে কেইবামাহো ধৰি নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে মহাবিদ্যালয়খনৰ ৷ মহাবিদ্যালয়খনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল North East Plantation and Commercial Pvt. Limitedৰ নামৰ বিতৰ্কিত এটা প্ৰতিষ্ঠানে ৷ উল্লেখযোগ্য যে 20 কোটি টকীয়া এপেক্স বেংক কেলেংকাৰীৰ সৈতে জড়িত ৰাজেশ বাজাজ মালিকাধীন এই North East Plantation and Commercial Pvt. Limited নামৰ বিতৰ্কিত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰতিবাকাৰী সকলে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ লগতে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী সকলে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ 

লগতে পঢ়ক :Scam in public property : স্কুল পৰিদৰ্শকক মেনেজ কৰি চাকৰি বচোৱাৰ আপ্ৰাণ চেষ্টা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ!

ABOUT THE AUTHOR

...view details