অসম

assam

চচলত প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat / videos

পুঁজিপতিৰ অট্টালিকাক উচ্ছেদ অভিযানে কিয় ঢুকি পোৱা নাই: উচ্ছেদিতৰ প্ৰশ্ন - চচলৰ ধৰ্ণাস্থলী

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 5:29 PM IST

গুৱাহাটী, 11 ডিচেম্বৰ : গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত শিলসাঁকোৰ পাৰৰ উচ্ছেদিতৰ প্ৰতিবাদ ৷ উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে চচলৰ ধৰ্ণাস্থলীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

শিলসাঁকোৰ মাটি ঘূৰাই দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শতাধিক উচ্ছেদিত লোকে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত বেনাৰ, পোষ্টাৰ প্ৰদৰ্শন কৰাৰ লগতে থলুৱা তথা খিলঞ্জীয়া লোকৰ ক্ষেত্ৰত চৰকাৰ গৰম আৰু পুঁজিপতিৰ ক্ষেত্ৰত চৰকাৰ কিয় নৰম বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ হৈ গায়ত্ৰী বৰি আৰু আকাশ দলেই কয় যে, জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনৰ দিনত গুৱাহাটীৰ শিলসাঁকোৰ পাৰত দীৰ্ঘদিন ধৰি বসবাস কৰা থলুৱা লোকসকল উচ্ছেদ হ’বলগীয়া হ’ল ৷  

লগতে বানমুক্ত গুৱাহাটীৰ কথা কোৱা চৰকাৰৰ দিনত আজিও শিলসাঁকোত পানী যোৱাত বাধা দি থকা পুঁজিপতিৰ আইডেল হিল ভিউ, জিঞ্জাৰ হোটেল আদিকে ধৰি আন কেইবাটাও গগনচুম্বী অট্টালিকাক আজিলৈকে চৰকাৰৰ উচ্ছেদ অভিযানে কিয় ঢুকি পোৱা নাই কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ ইফালে শিলসাঁকোত কি প্ৰজেক্ট হ’ব সেয়াও ৰাজহুৱা কৰাৰ দাবী জনায় তেওঁলোকে ৷ 

লগতে পঢ়ক :নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি NESO ৰ ক’লা দিৱস পালন

ABOUT THE AUTHOR

...view details