Silsako Eviction Drive: থলুৱা লোকক উচ্ছেদ বন্ধৰ দাবীত প্ৰতিবাদ শিলসাঁকো পাৰৰ উচ্ছেদিত ৰাইজৰ - KMSS
গুৱাহাটী,২৩ জুলাই:শিলসাঁকোত দেওবাৰে সন্ধিয়া উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন আৰু উচ্ছেদ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৰাইজে ৷ শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ আহ্বানত শিলসাঁকোত আজিৰ এই প্ৰতিবাদী শিখা সমদল কার্যসূচী ৰূপায়ন কৰে ৷ প্ৰায় ২ শতাধিক লোকে অংশ গ্ৰহণ কৰে প্ৰতিবাদত ৷ তেজ দিম মাটি নিদিওঁ, আমাক পুনৰ সংস্থাপন লাগিবই, থলুৱা লোকক উচ্ছেদ কৰা বন্ধ কৰক, বহিৰা পুঁজিপতিক মাটি এৰি দিয়া দিয়া নহ’ব, আদি হুংকাৰ প্ৰতিবাদকাৰী ৰাইজৰ ৷
থলুৱা বিৰোধী চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে শিলসাঁকোৰ আকাশ বতাহ উত্তাল কৰি তোলে । আজিৰ এই শিখা সমদল কার্যসূচীত সহযোগিতা আগবঢ়ায় কৃষক মুক্তি সগ্ৰম সমিতিয়ে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেই শিলসাঁকো পাৰত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা সকলো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ লগতে উচ্ছেদ সম্পূৰ্ণ ৰূপে বন্ধ ৰাখিবলৈ দাবী জনায় ।
লগতে পঢ়ক:Protest in silsako beel: "তেজ দিম মাটি নিদিওঁ"- শিলসাঁকোত উত্তাল প্ৰতিবাদ