ডবকাত এমাহেই অচল ট্ৰেন্সফৰ্মাৰ, অধিক হাৰত বিল দিয়াত ৰাইজৰ প্ৰতিবাদ
Published : Nov 21, 2023, 4:47 PM IST
হোজাই, ২১ নৱেম্বৰ :হোজাইৰ ডবকাত আজি ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ কঠিয়াতলি বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত পশ্চিম বগৰী গাঁৱৰ ৰাইজে বিভাগটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতে-হাতে বিদ্যুৎ বিল লৈ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে ।
বিদ্যুৎ বিভাগে অধিক পৰিমানৰ বিল গ্ৰাহক ৰাইজলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । অকল এয়াই নহয়, ট্ৰেন্সফৰ্মাৰ বেয়া হোৱাৰ বাবে বিয়াগোম বিভাগটোৱে এমাহ ধৰি যোগান ধৰিব পৰা নাছিল বিদ্যুৎ । বিদ্যুৎ যোগান নধৰা মাহতো আহিছে ৭,৮০০ টকা, ২৫০০ টকা,৩০০০ টকাৰ বিল। এইদৰে ঘৰে-ঘৰে অস্বাভাৱিক হাৰৰ বিদ্যুৎ বিল দিয়াত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকলে । ভুক্তভোগী ৰাইজে এই ক্ষেত্ৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ব্য়ৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ।
লগতে পঢ়ক:ডিচেম্বৰত গুৱাহাটীত সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ; ৰ' স্পৰ্টছৰ উদ্যোগত প্ৰথমবাৰৰ বাবে স্পৰ্টছ এক্সপ'