দেৰগাঁও দুৰ্ঘটনাত নিহতৰ প্ৰতি গোলাঘাটত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
Published : Jan 4, 2024, 9:41 PM IST
গোলাঘাট, 4 জানুৱাৰী : দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাত নিহতসকলৰ লগতে ৰোগাক্ৰান্ত হৈ দেহাৱসান ঘটা গোলাঘাটৰ অগ্ৰনী মহিলা, বিশিষ্ট সমাজকৰ্মী অঞ্জলী বৰকাকতিৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে আজি গোলাঘাট নগৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰে বন্তি প্ৰজ্বলন কৰা হয় । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট সদৰ কবি সন্মিলনৰ সহযোগত আজি সন্ধিয়া গোলাঘাট নগৰৰ বাটা চাৰিআলিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১২ গৰাকী লোকৰ চিৰশান্তিৰ বাবে বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰে । গুৱাহাটীত চিকিৎসাৰত অৱস্থাত মৃত্যু হোৱা গোলাঘাটৰ অগ্ৰনী মহিলা অঞ্জলী বৰকাকতিৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলেনেৰে মুকলি কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি, প্ৰবীণ সাংবাদিক দ্বীপেন দত্তই ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক,অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা , গোলাঘাট সদৰ কবি সন্মিলনৰ সভাপতি কমলাক্ষী দত্ত,সম্পাদক হেমা চৌধুৰী গগৈ, গোলাঘাট জিলা মহিলা সমিতিৰ সভানেত্ৰী জুৰি দাস ৰাজখোৱা,প্ৰগতি চ'ৰাৰ সভাপতি অনিতা শইকীয়া, উপদেষ্টা অনিমা পাঠক, লাচিত সেনাৰ লোক উপস্থিত থাকে ৷
লগতে অসমৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক অভিলাষ বৰা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, গোলাঘাট জিলাৰ উপদেষ্টা ৰঞ্জিত বৰা, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দীপাংকৰ দাস, বিশিষ্ট চিত্ৰশিল্পী ভৱকান্ত শইকীয়া, সমাজকৰ্মী দিলীপ শইকীয়াৰ উপৰিও প্ৰণৱ শইকীয়া, বিশিষ্ট লেখক ৰেখাশ্ৰী সন্দিকৈ, সাংবাদিক চন্দন কৰ্মকাৰ, স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ সভাপতি পাৰ্থপ্ৰতীম ৰাজপুত আদিকে ধৰি ৰাইজে অংশগ্ৰহণ কৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ।
লগতে পঢ়ক :যোৰহাটত মন্ত্ৰী কেশৱ মহন্তক জবাবদিহি কৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে