এটুপি খোৱাপানী বিচাৰি ৰাইজৰ হাহাকাৰ, খৱৰ ল’বলৈ আহৰি নাই বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ
Published : Dec 12, 2023, 11:22 AM IST
যোৰহাট, 12 ডিচেম্বৰ : ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান আৰু পানীৰ নাটনি দূৰ কৰিবলৈ চৰকাৰে ৰূপায়ন কৰিছিল জল জীৱন মিছন নামৰ আঁচনি ৷ কিন্তু জল জীৱন আঁচনি এতিয়া ধোঁৱা চাঙত উঠিল নেকি ! কাৰণ যি উদ্দেশ্য আগত লৈ চৰকাৰে উক্ত আঁচনিখন ৰূপায়ন কৰিছে সেই লক্ষ্য উদ্দেশ্যৰ যেন সাৰ্থক হোৱা নাই ৷ সেয়ে এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে ৷
ৰাজ্যত সকলোতে উন্নয়ন দেখা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিতে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে শ শ গাঁৱৰ ৰাইজে ৷ উক্ত গাঁওখন আছে মৰিয়নীৰ 61 নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তত ৷ জল জীৱনৰ দৰে অভিলাষী আঁচনিয়েও ঢুকি পোৱা নাই অসম-নাগালেণ্ড সীমান্তৱৰ্তীত সেউজী গাঁওখনক ৷ সেয়ে নিৰ্বাচনৰ পূৰ্বে যদি বিশুদ্ধ খোৱা পানী নাপায় তেতিয়া হ’ল ভোট বৰ্জনৰ কৰা হ’ব বুলি হুংকাৰ দিয়ে সেউজ গাঁৱৰ ৰাইজে ৷
লগতে পঢ়ক :আঘাতপ্ৰাপ্ত চাহ শ্ৰমিকক আৰ্থিক সাহাৰ্য প্ৰদান শ্ৰম মন্ত্ৰীৰ