Constituency Delimitation in Assam: খোৱাঙক উপ-জিলা ঘোষণা কৰাত ফটকা ফুটাই ৰাইজৰ আনন্দ-উল্লাস
Published : Aug 30, 2023, 7:58 PM IST
ডিব্ৰুগড়, ৩০ আগষ্ট: মৰাণ সমষ্টিৰ নাম সলনি কৰি খোৱাং কৰা আৰু খোৱাঙক উপ-জিলা হিচাপে ঘোষণা কৰাৰ পিচতে খোৱাঙত উঠিছে আনন্দৰ জোৱাৰ । মঙলবাৰে নিশা খোৱাঙৰ শেনচোৱাপুখুৰীত শতাধিক ৰাইজ একত্ৰিত হৈ ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় নিৰ্বাচন আয়োগক । অতি পিছপৰা ঠাইডোখৰক নতুন পৰিচয়েৰে জিলিকাব বিচৰাৰ বাবে ৰাইজ উৎফুল্লিত হৈ পৰে ।
নিৰ্বাচন আয়োগ তথা চৰকাৰৰ এই পদক্ষেপৰ পাচত খোৱাং উন্নয়নৰ দিশত আগবাঢ়িব বুলি ৰাইজে আশা ব্যক্ত কৰে । উপস্থিত ৰাইজে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু নিৰ্বাচন আয়োগ "জিন্দাবাদ" ধ্বনি দি আতচবাজী-ফটকা ফুটাই সমগ্ৰ পৰিৱেশ আনন্দমুখৰ কৰি তোলে । ৰাইজৰ সৈতে উপস্থিত থাকে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা আৰু কাষৰীয়া অঞ্চলকেইটাৰ কেইবাজনো গণ্যমান্য ব্যক্তি ।
লগতে পঢ়ক:Constituency Delimitation: পূৰ্ণাংগ তালিকাত অনুসূচীত জাতি-জনজাতিৰ বাবে কিমান আসন সংৰক্ষণ কৰা হৈছে ?