Protest in Guwahati : সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ - সচেতন নাগৰিক
Published : Oct 6, 2023, 8:00 PM IST
গুৱাহাটী,৬ অক্টোবৰ : সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মহানগৰীত সচেতন নাগৰিকৰ প্ৰতিবাদ ৷ শুকুৰবাৰে মহানগৰীৰ গুৱাহাটী ক্লাব ৰটাৰীৰ বেজবৰুৱা চ'কত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷
সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰক, সংবাদিকৰ ওপৰত আক্ৰমণ বন্ধ কৰক, সংবাদিকৰ স্বাধীন কাম-কাজৰ ওপৰত হস্তক্ষেপ বন্ধ কৰক, সংবাদিকৰ ওপৰত গোচৰ জাপি দিয়া নচলিব, সংবাদিকৰ কন্ঠ ৰুদ্ধ কৰা নচলিব, স্বৈৰাচাৰী মোদী চৰকাৰ হায় হায় শ্লোগান দি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে কয় যে, সংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতা কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ সন্ত্ৰাসবাদ বিৰোধী আইন সংবাদিকৰ ওপৰত জাপি দি সংবাদিকৰ কন্ঠ ৰুদ্ধ কৰিব বিচাৰিছে ৷ মোদী চৰকাৰ অহাৰ পৰা দমন নীতি চলিছে, কিন্তু সম্প্ৰতি উপদ্ৰৱ হৈছে ৷ সংবাদমাধ্যমৰ ওপৰত চলা এই আক্ৰমণ দেশৰ বাক স্বাধীনতাৰ ওপৰত, গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আক্ৰমণ নমাই আনিছে বুলি মন্তব্য কৰে তেওঁলোকে ৷
লগতে পঢ়ক :CPIM rally in Nalbari : নলবাৰীত কেইবাটাও দাবীৰে চি পি আই এমৰ জনসমাৱেশ