Protest in Mariani : মৰিয়নীৰ চেলেংহাটত লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - পথ দুৰ্ঘটনা
Published : Oct 12, 2023, 8:44 PM IST
যোৰহাট, 12 অক্টোবৰ : বুধবাৰে নিশা মৰিয়নীৰ চেলেংহাটত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক নিহত আৰু আন এজন গুৰুতৰভাৱে আহত হোৱা ঘটনাৰ পিছতে বৃহস্পতিবাৰে চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন ৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানত একত্ৰিত হোৱা ৰাইজে বুধবাৰে নিশা সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগক পোনপটীয়াকৈ জগৰীয়া কৰিছে ৷
পাঁচমাহ পূৰ্বে ভাঙি পৰা পকী দলঙৰ স্থানত আজি পৰ্যন্ত কোনো ধৰণৰ সুব্যৱস্থা নকৰাৰ বাবেই বুধবাৰে নিশা এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি দাবী কৰে প্ৰতিবাদকাৰী ৰাইজে ৷ উল্লেখ্য যে ভঙা দলঙৰ দুয়োমূৰে বেৰিকেডৰ ব্যৱস্থা কৰা হ'লেই দুৰ্ঘটনাটো সংঘটিত নহ’লহেতেন বুলি স্থানীয় ৰাইজে ক্ষোভেৰে মত প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত পুৱতি নিশালৈকে কাম কৰি ভঙা দলঙখনৰ দুয়োমূৰে বেৰিকেডৰ ব্যৱস্থা কৰিছে লোক নিৰ্মাণ বিভাগে ৷
উন্নয়নক আওকাণ কৰি অমৃত কলহৰ দৰে কাৰ্যসূচীৰে ৰাইজক আভুৱা ভৰাৰ চেষ্টা চলাইছে বুলি প্ৰতিবাদী ৰাইজে অভিযোগ উত্থাপন কৰে ৷ লগতে বৰ্তমান মৰিয়নী সমষ্টিৰ বিধায়কজনৰ উন্নয়নমূলক কামক লৈয়ো সকলোৱে প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷
লগতে পঢ়ক :Poor condition of bridge: জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক