অসম

assam

তীব্ৰ প্ৰতিবাদ

ETV Bharat / videos

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ টেঙাখাত-চাবুৱা সংযোগী মূল পথত নিশা ৰাইজৰ প্ৰতিবাদ - সমষ্টি পুনৰ নিৰ্ধাৰণ

By

Published : Jul 9, 2023, 11:55 AM IST

ডিব্ৰুগড়, 9 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ ৷ এই খচৰাক লৈ একাংশই সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

ইয়াৰ মাজতে 118 নং দুলীয়াজান বিধানসভা সমষ্টিৰ গুৰুত্বপূৰ্ণ দুটাকৈ পঞ্চায়ত অন্য সমষ্টিত অন্তৰ্ভুক্ত কৰাক কেন্দ্ৰ কৰি শনিবাৰে নিশা ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ টেঙাখাতৰ পৰা চাবুৱা সংযোগী মূল পথত প্ৰতিবাদকাৰীয়ে হাতত মম লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত দুলীয়াজান সমষ্টিৰ পৰা বাদ পৰা টেঙাখাতৰ লেংৰাই আৰু ৰংচঙী পঞ্চায়তৰ কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত মোতায়ন কৰা হয় আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনী ৷ অতি শীঘ্ৰে ৰাইজৰ দাবী সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:Public Protest in Lahowal:লাহোৱালৰ নাহৰসাঁকোত আৰক্ষীৰ লাঠি চালনা

ABOUT THE AUTHOR

...view details