Wooden bridge for communication: দলঙৰ অৱস্থা বেয়া, গাড়ী এৰি খোজ ল’লে বিধায়ক সহিতে বিষয়াই - Public Demands For Repair Broken Bridge in Majuli
Published : Nov 10, 2023, 7:03 PM IST
মাজুলী, 10 নৱেম্বৰ : মাজুলীৰ লুইত খাৱলু সংযোগী দলঙৰ বিধস্ত ৰূপ ৷ দলংখন ইমানেই দুৰ্বল যে লুইত খাৱলুৰ একমাত্ৰ যোগাযোগৰ মাধ্যম কাঠৰ দলঙখনেৰে নচলে গাড়ী-মটৰ, নচলে 108 সেৱাৰ এম্বুলেন্স ৷ অতি নিম্ন মানদণ্ডৰ কাঠ ব্যৱহাৰ কৰাৰ বাবে নিৰ্মাণৰ কম দিনৰ ভিতৰতে দলঙখনে বিধস্ত ৰূপ লয় ৷
এই দুৰ্বল দলংখন মেৰামতিৰ দাবীত ঠেলাত মৃতদেহ লৈ প্ৰতিবাদ কৰিছিল গাঁওবাসীয়ে ৷ কিন্তু গাঁওবাসীৰ প্ৰতিবাদত কাৰো গা লৰা নাছিল ৷ অৱশেষত মাজুলীৰ বিধায়ক ভুৱন গাম, মাজুলীৰ জিলা প্ৰশাসন লোহিত খাৱলু পঞ্চায়তলৈ যাওঁতেই লাগিল অথন্তৰ ৷
বিধস্ত দলঙৰ বাবে বিধায়ক, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক গাড়ীৰ পৰা নামি খোজেৰেই যাব লগা হ’ল লুইত খাৱলু পঞ্চায়তৰ এখন সভালৈ ৷ ইয়াৰ পাছতে বিধায়কগৰাকীয়ে দলংখন তৎকালিনভাৱে মেৰামতি কৰাৰ বাবে নিৰ্দেশ দিয়ে ঠিকাদাৰক ৷ লগতে মাজুলীত অনুষ্ঠিত হ’বলগা ৰাসৰ পূৰ্বে দলংখনৰ মেৰামতিৰ কাম সমাপ্ত কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে বিধায়ক ভুৱন গামে ৷
লগতে পঢ়ক :ASHA Worker protest : ভোট বৰ্জনৰ হুংকাৰ ৰাজ্যৰ আশাকৰ্মীৰ