অসম

assam

বিধ্বস্ত পথে দুৰ্ভোগ ভোগাইছে ৰাইজক

ETV Bharat / videos

Public Protest in Tingkhong: পথৰ ওপৰতে ধূপ-চাকি জ্বলাই ৰাইজৰ প্ৰাৰ্থনা - Tingkhong Constituency

By

Published : Jul 16, 2023, 9:54 AM IST

ডিব্ৰুগড়, 16 জুলাই :  ৰাজ্য চৰকাৰে উন্নয়ন আৰু বিকাশৰ কথা কৈ থকাৰ সময়তে কেবিনেট মন্ত্ৰী বিমল বড়াৰ সমষ্টিত ৰাইজে উন্নয়ন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে ৷ কিয়নো বিধ্বস্ত পথে দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে টিংখাঙৰ এটা অঞ্চলৰ বাসিন্দাক ৷ টিংখাঙৰ কেঁকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঔফুলীয়া চাহ বাগিছা আৰু বামুনবাৰী সংযোগী পথটোৱে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভোগাই আহিছে ৰাইজক ৷

নিতৌ শ শ লোক অহা-যোৱা কৰা পথটোৰ ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত বোকা ৷ যান-বাহন বাদেই খোজকাঢ়ি অহা-যোৱা কৰিবলৈও চিন্তা কৰিবলগীয়া হয় এই পথেদি ৷ ৰোগীক ঠেলাত কঢ়িয়াই আনিবলগীয়া অৱস্থাৰ সৃষ্টি হয় এই পথচোৱাৰে ৷ ইতিমধ্যে, কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় জনপ্ৰতিনিধিক ৰাইজে পথটো নিৰ্মাণৰ বাবে আবেদন জনাই আহিছে যদিও পথটো পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ 

সেয়েহে মন্ত্ৰী, বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিৰ সুমতি কামনা কৰি পথৰ ওপৰতে ধূপ-বন্তি জ্বলাই ঈশ্বৰলৈ প্ৰাৰ্থনা জনালে গাঁওবাসীয়ে ৷ কিন্তু ৰাইজে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত মন্ত্ৰী বিমল বৰাই পথ নিৰ্মাণৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক :Teachers protest: শিক্ষামন্ত্ৰীয়ে শিক্ষা সেতুক লৈ কৰা ব্লেক মেইলিং বন্ধ কৰক - প্ৰতিবাদকাৰী শিক্ষক

ABOUT THE AUTHOR

...view details