অসম

assam

কাঞ্চন চাপৰিৰ বালিজান নদীৰ ওপৰৰ দলং নহ'ল নিৰ্মাণ

ETV Bharat / videos

Dilapidated bridge in Jorhat: পাঁচ বছৰে সম্পূৰ্ণ নহ’ল দলং নিৰ্মাণৰ কাম

By

Published : May 7, 2023, 12:52 PM IST

টীয়ক,৭ মে: উন্নয়নৰ ঢাক-ঢোল বজাই থকা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত গ্ৰামাঞ্চলসমূহত উন্নয়নৰ নামত কেনেদৰে চৰকাৰী ধনৰ শৰাধ পতা হৈছে সেয়া প্ৰত্যক্ষ কৰিলে আপোনাৰ চকু কপালত উঠিব (Poor road communication in Teok)। টীয়ক সমষ্টিৰ অন্তৰ্গত গাখীৰখোৱা গাঁও পঞ্চায়ত এলেকাৰ কাঞ্চন চাপৰিৰ বালিজান নদীৰ ওপৰৰ নিৰ্মাণ কৰা দলঙৰ দুয়োপাৰ আজি পাঁচ বছৰে সম্পূৰ্ণ নহ'ল (Dilapidated bamboo bridged in Jorhat)।

আঠ লক্ষাধিক টকাৰে নিৰ্মাণ কৰা উক্ত দলঙখনৰ বাবে আবণ্টিত ধনৰ সমুদায় মোকলাই নিয়াৰ পাছতো আজিও দলঙৰ দুয়োপাৰ সংযোগ নোহোৱাত অঞ্চলটোৰ ৰাইজে নদীৰ ওপৰত বাঁহৰ সাঁকোৰে ইপাৰ- সিপাৰ হ'ব লগা হৈছে (Bridge not completed in Teok )। ফলত ৰাইজে যমৰ যান্ত্ৰণা ভুগিব লগা হৈছে । ৰাইজে বহুবাৰ দলঙখন সম্পূৰ্ণ কৰিবলৈ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ । সেয়ে ৰাইজে ক্ষোভ উজাৰি অনতি পলমে দলঙখন সম্পূৰ্ণ কৰি ৰাইজৰ যাতায়ত সুচল কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে । অন্যথা ভোট বৰ্জনৰ হুংকাৰ দিছে ভুক্তভোগী জনতাই ।

লগতে পঢ়ক:Margherita Rape Case: অভিযুক্ত আননৰ পত্নীক গ্ৰেপ্তাৰৰ পিচতে মন্তব্য আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ

ABOUT THE AUTHOR

...view details