অসম

assam

ভূমিৰ বাবদ ফুটাকঢ়ি নোপোৱাত ক্ষোভ

ETV Bharat / videos

Majuli Jorhat link bridge:ক্ষতিগ্ৰস্ত লোকৰ ক্ষোভৰ বাবে দলং নিৰ্মাণত বিলম্ব - Public demand for Compensation at Janjimukh

By

Published : Jun 3, 2023, 5:02 PM IST

টীয়ক,৩ জুন:মাজুলী-যোৰহাট সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ নিৰ্মাণ কাৰ্যৰ বাবে দলঙৰ কাষৰীয়া একাংশ ভূমিপুত্ৰ মিচিং লোকৰ বাসস্থানৰ লগতে কৃষি পথাৰ ক্ষতিগ্ৰস্ত হৈছে (Public demand for Compensation at Janjimukh)। ক্ষতিগ্ৰস্ত এই লোকসকলৰ মাটিৰ পট্টা নথকা বাবে ভূমিৰ বাবদ ফুটাকঢ়ি এটাও নোপোৱাত ক্ষোভৰ সৃষ্টি হৈছে । ক্ষতিগ্ৰস্ত লোক সকলক বাসগৃহ,মূল্যবান গছ আদিৰ বাবে চৰকাৰে ক্ষতিপূৰণ আগবঢ়াইছে যদিও সেয়া যথোপযুক্ত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ।  

ক্ষতিগ্ৰস্ত লোকসকলৰ এই ক্ষোভৰ বাবে বাধাগ্ৰস্ত হৈছে দলং নিৰ্মাণৰ কাম (People deprived from Compensation in Jorhat)। যাৰ বাবে শনিবাৰে পূব যোৰহাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসহ এটা দল জাঁজীমুখৰ হাতীশালত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে যদিও ক্ষতিগ্ৰস্ত সকলৰ ক্ষোভৰ সন্মুখীন হয় দলটো ।  

উল্লেখযোগ্য যে,দলং নিৰ্মাণৰ প্ৰাক ক্ষণত কৰা জৰীপৰ সময়ত এই কাৰ্যৰে জড়িত সকলৰ দায়িত্বহীন কাৰ্যৰ বাবে সৃষ্টি হৈছে এই পৰিস্থিতিৰ । উপযুক্ত ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত সকললে ক্ষোভেৰে কয়,"হয় আমাক উপযুক্ত ক্ষতিপূৰণ দিয়ক, নহ'লে গুলিয়াই বা ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ক ।"

লগতে পঢ়ক:Kalgachia accident news: কলগাছিয়াৰ শওঁপুৰত তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰিলে ট্ৰেক্টৰত

For All Latest Updates

ABOUT THE AUTHOR

...view details