অসম

assam

ETV Bharat / videos

Public construct bamboo bridge: বাঁহৰ দলং মুকলি কৰি ৰাইজক শান্তনা বিধায়ক প্ৰদীপ হাজৰিকাৰ পুত্ৰৰ

By

Published : Jan 19, 2023, 9:04 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আমগুৰি সমষ্টিত যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ অস্থায়ীভাৱে নিৰ্মাণ কৰা এখন বাঁহৰ দলং মুকলি কৰিলে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকাই (Bamboo bridge on Jaji river)। আমগুৰি সমষ্টি আৰু মৰিয়নি সমষ্টিক সংযোগ কৰা আমগুৰিৰ দুই নং ভূঞাহাট গাঁৱত জাঁজী নৈৰ ওপৰত ৰাইজে নিজাকৈ অস্থায়ীভাৱে নিৰ্মাণ কৰিলে এখন দলং ৷ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পুত্ৰ তথা অসম যুৱ পৰিষদৰ নেতা সুদৰ্শন হাজৰিকাই মুকলি কৰে এই দলংখন ।

আমগুৰি আৰু মৰিয়নি সমষ্টিৰ মধ্যস্থল দুই নং ভূঞাহাটত জাঁজী নৈৰ ওপৰত দলং নথকাৰ বাবে দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছিল (Difficulty in transportation at Amguri)। অঞ্চলটোত এখন স্থায়ী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় লোকসকলে দীৰ্ঘদিন ধৰি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক দাবী জনাই আহিছিল । কিন্তু কোনো এজন বিধায়কেই এখন দলং সাজি নিদিলে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক ৷

স্থানীয় লোকসকলে এখন স্থায়ী পকী দলঙৰ আশা কৰিছিল যদিও অৱশেষত নিজাববীয়া প্ৰচেষ্টাৰে এখন বাঁহৰ দলং সাজিয়েই সন্তুষ্টিৰ হাঁহি মাৰিছে তেওঁলোকে (Public construct bamboo bridge) ৷ এই দলংখনেৰে অন্ততঃ জাঁজী নৈ পাৰ হৈ প্ৰয়োজনীয় স্থানলৈ যাব পাৰিব এই লোকসকল ৷

উল্লেখ্য যে জাঁজী নৈয়ে দুভাগ কৰা আমগুৰি আৰু মৰিয়নি সমষ্টিৰ ২০ খনৰো অধিক গাঁৱৰ গঞাই দীৰ্ঘদিন ধৰি নাৱেৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈ আহিছে । বাৰিষা ফেনে ফোটোকাৰে বাঢ়ি অহা নদীৰ সোঁতৰ মাজেৰেই বিপদসংকুলভাৱে নাৱেৰে যাতায়াত কৰে ৰাইজে । ইয়াৰ পিছতো এখন স্থায়ী দলং নিৰ্মাণত গুৰুত্ব নিদিলে কোনো এজন জনপ্ৰতিনিধিয়ে । আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নিজা গাঁও পঞ্চায়ত ভূঞাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ভূঞাহাটত বিধায়কৰ পুত্ৰই স্থায়ী দলঙৰ সলনি অস্থায়ীভাৱে ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলং উদ্বোধন কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে । 

উল্লেখ্যে যে, ডাবল ইঞ্জিনযুক্ত চৰকাৰৰ কথা কোৱা বিজেপি দলৰ শাসনকালত ক্ৰমাগতভাৱে দুবাৰকৈ আমগুৰি সমষ্টিৰ পৰা চৰকাৰৰ মিত্ৰদল অগপৰ বিধায়ক হৈ আহিছে প্ৰদীপ হাজৰিকা ৷ ইয়াৰ আগতেও তেওঁ তিনিবাৰকৈ আমগুৰিৰ পৰা নিৰ্বাচিত হৈছিল ৷ কিন্তু বৰ্তমানেও সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত যেন বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ প্ৰায়েই উত্থাপিত হয় ৷ 

সমষ্টিটোৰ বিভিন্ন অংশৰ ৰাইজে বাট-পথ, দলং আদিৰ বাবে বাৰম্বাৰ বিধায়ক হাজৰিকাক কাকূতি মিনতি কৰাৰ পাচতো আজি পৰ্যন্ত কোনো সঁহাৰি লাভ নকৰাৰো অভিযোগ আছে ৷ কেৱল সদায়ে চকুত পৰা কেইটামান অঞ্চলতে সীমাবদ্ধ হৈ ৰৈছে প্ৰদীপ হাজৰিকাৰ উন্নয়নৰ ৰথ ৷ 

একেদৰে, মৰিয়নি সমষ্টিত ক্ৰমাগতভাৱে চাৰিবাৰ বিধায়ক হ’ল ৰূপজ্যোতি কুৰ্মী ৷ ইয়াৰে মাত্ৰ এটা কাৰ্যকালতহে তেওঁৰ দল চৰকাৰত নাছিল ৷ 2021 ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পাচত বিজেপিত যোগ দিয়ে কুৰ্মীয়ে ৷ পুনৰ উপ-নিৰ্বাচনৰ জৰিয়তে মৰিয়নিৰ বিধায়ক নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে কিন্তু ভূঞাহাটৰ এই বৃহৎ অঞ্চলটোৰ ৰাইজলৈ পিঠি দিয়াৰ অভিযোগ উঠিছে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details