Crime rate increase in Jorhat : অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীৰ ব্যৰ্থতাক গৰিহণা যোৰহাটবাসীৰ - Firing in Jorhat
যোৰহাটত চূড়ান্তভাৱে অৱনতি ঘটিছে আইন-শৃংখলাজনিত পৰিস্থিতি ৷ ফলত গৰজি উঠিছে দল-সংগঠনৰ লগতে যোৰহাটীয়া ৰাইজ ৷ স্মাৰ্ট আৰক্ষী ব্যৱস্থাক ধুলিসাৎ কৰিছে যোৰহাটৰ প্ৰশাসন যন্ত্ৰটোৱে (Jorhat district administration)৷ কাৰণ শনিবাৰে নিশা দুজনীয়া অস্ত্ৰধাৰীৰ দুৰ্বৃত্তই যোৰহাটৰ মৰোৱাৰী পট্টিত থকা এখন ব্যৱসায়ী প্ৰতিষ্ঠানত প্ৰৱেশ কৰি ধন দাবী কৰে ৷ দাবী কৰা ধন নিদিয়া বাবে দুৰ্বৃত্ত দুটাই প্ৰতিষ্ঠানখনৰ এজন কৰ্মচাৰীক গুলীয়াই আঘাতপ্ৰাপ্ত কৰে (Firing in Jorhat)৷ ইয়াৰ পাচতো ঘটনা সংঘটিত হোৱা বহু পলমকৈহে যোৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ যাৰ বাবে আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাত ক্ষোভিত হৈ পৰিছে জন সাধাৰণ ৷
Last Updated : Feb 3, 2023, 8:33 PM IST