অসম

assam

বাঁহেৰে সাঁকো নিৰ্মাণত ব্যস্ত ৰাইজ

ETV Bharat / videos

Locals make bamboo sanko: দলং ভাগিল, সাঁকো নিৰ্মাণত ব্যস্ত ৰাইজ - নাহৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৰ্দৈগুৰি

By

Published : Apr 25, 2023, 8:58 PM IST

ডিব্ৰুগড়, 25 এপ্ৰিল :ৰঙীণ বিজ্ঞাপনেৰে চৰকাৰখনে উন্নয়নৰ জয়ঢোল বজালেও প্ৰকৃততে ৰাজ্যখনৰ গ্ৰাম্যঞ্চল সমূহত সেই উন্নয়ন দেখিবলৈ পোৱা নাযায় । মৰাণৰ এখন গাঁৱৰ একাংশ লোক বিহুৰ বতৰতো নদীৰ ওপৰত বাঁহৰ সাঁকো নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে । মৰাণ সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰ্দৈগুৰিত এখন দলং নথকাত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ।

কৰ্দৈগুৰি আৰু নপথাৰ সংযোগী ডিমৌ নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰি লোৱা বাঁহৰ দলংখন ভাগি যোৱাত প্ৰায় 10 খনৰো অধিক গাঁৱৰ ৰাইজ সমস্যাত পৰিব লগা হৈছে (Foot bridge collapsed in Moran Naharani gaon) । অসম গণ পৰিষদ চৰকাৰৰ দিনৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰখনলৈকে প্ৰতিজন জনপ্ৰতিনিধিকে স্থানীয় ৰাইজে এই স্থানত এখন পকী দলং নিৰ্মাণৰ দাবী তুলি আহিছে যদিও কোনো এখন চৰকাৰেই এই বিষয়ত গুৰুত্ব দিয়া নাই । যাৰ ফলত অনেক কষ্টেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে । উপায়ন্তৰ হৈ ৰাইজে বছেৰেকৰ বিহুৰ বতৰতো সকলো বাদ দি নদীৰ এবুকু পানীত নামি বাঁহৰ সাঁকো নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে ।

ৰঙালীৰ ৰঙতকৈ ৰাইজক প্ৰয়োজন এখন দলঙৰ । স্থানীয় জনপ্ৰতিনিধি গৰাকীয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে । ৰাইজৰ আশা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে সংশ্লিষ্ট বিভাগে ৰাইজৰ এই সমস্যাটোৰ প্ৰতি গুৰুত্ব দিব ।

লগতে পঢ়ক :Leopard terror : বাঘৰ আক্ৰমণত নাবালকৰ মৃত্যু; নিৰুদ্বেগ ভূমিকাত বন বিভাগ

ABOUT THE AUTHOR

...view details