অসম

assam

ETV Bharat / videos

নাৰায়ণপুৰত পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ - Public protest at Narayanpur of Lakhimpur

By

Published : Sep 27, 2022, 2:21 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰ দিনতে এটা পথে জ্বলাকলা খুৱাইছে বহুসংখ্যক গাঁৱৰ ৰাইজক (Public protest for repairing of road at Narayanpur)। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ উক্ত পথটোৰে মৰণক শৰণ দি বিপদ সংকুল যাতায়াত অব্যাহত ৰাখিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । ৰামপুৰৰ পৰা নিমুৰী হৈ শিমলুগুৰিৰ সংযোগী পকী গড়কাপ্তানী পথটোৰ ওপৰত সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁত ৷ যাৰ বাবে পথচাৰীৰ লগতে স্থানীয় ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ মঙলবাৰে উক্ত পথটোৰ ওপৰতে অলস্থান কৰি স্থানীয় একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে (Public protest at Narayanpur of Lakhimpur) ৷ প্ৰতিবাদকাৰীসকলে কৰা অভিযোগ মতে, চকু মুদা কুলিৰ ভাও ধৰিছে বিভাগীয় কৰ্তৃপক্ষই । উল্লেখ্য যে বিভিন্ন সময়ত উক্ত স্থানত সৰু-বৰ বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ উক্ত পথছোৱা অতি শীঘ্ৰে মেৰামতি নকৰিলে অনাগত সময়ত আৰু অধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে ৷ পথছোৱাৰ উক্ত অংশ মেৰামতি কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক প্ৰতিবাদী ৰাইজে দাবী জনাইছে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details