অসম

assam

ধেমাজিত NPS কৰ্মচাৰী সমাজৰ প্ৰতিবাদ

ETV Bharat / videos

NPS employees protest in Dhemaji: ধেমাজিত NPS কৰ্মচাৰী সমাজৰ প্ৰতিবাদ - New Pension Scheme

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 6:37 PM IST

ধেমাজি,২২ আগষ্ট: ৰাজ্যত নতুন কৈ চৰকাৰী চাকৰিত যোগদান কৰা কৰ্মচাৰী সকলক NPS ব্যৱস্থাত ৰাখি কৰ্মজীৱন চলাবলৈ দিয়া হৈছে যদিও পুৰণি পেন্সন ব্যৱস্থাৰ বিপৰীতে চৰকাৰে যি নতুন ব্যৱস্থা ৰূপায়ণ কৰিছে তাৰ দ্বাৰা কৰ্মচাৰীসকলে ভবিষ্যতে অৱসৰ গ্ৰহণ কৰাৰ পিছত কোনো বিশেষ সুবিধা লাভ নকৰে ৷ সেইয়ে এই নীতিৰ বিৰুদ্ধে চৰকাৰী কৰ্মচাৰীসকলে অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদ ৷  

ধেমাজিতো মঙলবাৰে পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত এন পি এচ কৰ্মচাৰী সমাজে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম চৰকাৰী এন পি এচ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ চৰকাৰী কৰ্মচাৰীসকলে ৷ শীঘ্ৰে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল নাৰাখিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । 

লগতে পঢ়ক:Protest at chachal:অনুসূচিত জাতিক লৈ কৰা ৰাজনীতিৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

ABOUT THE AUTHOR

...view details