মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিখিত ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী - Price hike in Assam
ৰাজ্যজুৰি দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে ধুবুৰীত নিখিত ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে (Price hike in Assam)৷ ৰান্ধনিশালৰ পৰা ওলাই এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল মহিলাসকল ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ জিলা কমিটিৰ উদ্যোগত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰা হয় (protests against price hike)। ধুবুৰী চহৰৰ ১ নম্বৰ ৱাৰ্ডস্থিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ কাষত জিলা কমিটিৰ মহিলা কৰ্মকৰ্তাসকলে মূল্যবৃদ্ধি আকাশলংঘী হোৱাৰ প্ৰতিবাদতৰ উপৰিও একাধিক দাবীৰ ভিত্তিত চৰকাৰ বিৰোধী বিভিন্ন শ্লাগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰতিবাদকাৰী মহিলা সকলে । প্ৰতিবাদকাৰী সকলে প্ৰতিবাদৰ অন্ততঃ ধুবুৰী জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST