Protests against price hike: বৰপেটাত মূল্যবৃদ্ধিৰ বিৰদ্ধে প্ৰতিবাদ - Price hike of essential Commodities
বৰপেটা,৩ আগষ্ট: মূল্যবৃদ্ধি ৰোধ কৰা আৰু কংগ্ৰেছৰ শাসনতকৈ সামগ্ৰীৰ মূল্য হ্ৰাস কৰিম বুলি শাসনলৈ অহা বিজেপিয়ে কোনবিধ সামগ্ৰীৰ দাম কমালে তাৰ উত্তৰ বিচাৰি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে ৷ বৰপেটাতো জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ ।
তেওঁ কয় যে, কংগ্ৰেছ শাসনত বিজেপিয়ে পিয়াঁজৰ মালা আৰু চিলিণ্ডাৰ মুৰত লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দিল্লী-দিছপুৰৰ শাসনত বহাসকলে মূল্যবৃদ্ধিৰ সমস্যাক পিঠি দিছে বুলি অভিযোগ উত্থাপন কৰে জাকিৰ হুছেইন শিকদাৰে ৷ দুবেলা দুমুঠি খাদ্যৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হৈছে ৷
লগতে তেওঁ কয় যে এক কোটিতকৈয়ো অধিক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ৰাজ্যখনত মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা কাৰণে সাধাৰণ ৰাইজ কিমান যন্ত্ৰণাত আছে সেই কথা সকলোৱে উপলব্ধি কৰিব নোৱাৰে ৷ বজাৰত জুই লাগিছে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা দিল্লী-দিছপুৰত শুই আছে ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়া জাকিৰ হুছেইন শিকদাৰে যোগানমন্ত্ৰীকো তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক:Specially abled farmer : এটা ভৰিৰে এযুগ জীৱন সংগ্ৰাম